INDIA Bloc Mumbai Meeting :মুম্বাইত ২৮ টা বিৰোধী দলৰ নিৰ্বচনী ৰণ কৌশলৰ বৈঠক

১৪ জনীয়া সমন্বয় সমিতি গঠন, 'জুয়েগা ইণ্ডিয়া ,জিতেগা ইণ্ডিয়া থীম মুকলি, বৈঠকত উপস্থিত ছোনিয়া,ৰাহুল,খাৰ্গে,উদ্ধৱ,নিতীশ,লালু,তেজস্বী,মেহবুবা,শাৰদ,মমতা,ফাৰুক,ষ্টেলিন,অখিলেশ

indi a1

INDIA Bloc Mumbai Meeting :

লোকসভা নিৰ্বাচনক লৈ সাজু বিৰোধী দল সমূহৰ উমৈহতীয়া মঞ্চ ‘ইণ্ডিয়া’ মুম্বাইত ২৮ টা বিৰোধী দলৰ নিৰ্বচনী ৰণ কৌশল সন্দৰ্ভত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা দুদিনীয়া সন্মিলনৰ আজি দ্বিতীয় দিনাৰ বৈঠকত লোৱা হয় কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷

সেই অনুসৰি সকলো বিৰোধী দলে ঐক্যবদ্ধ একত্ৰিতভাৱে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’ব ৷ দেশৰ প্ৰতিটো সংসদীয় সমষ্টিতে ইণ্ডিয়াৰ উমৈহতীয়া প্ৰাৰ্থীয়ে নিৰ্বাচনী ৰণক্ষেত্ৰত নামিব ৷ আনহাতে আসন ভাগ-বতৰাৰ ব্যৱস্থা ৩০ ছেপ্টেম্বৰৰ ভিতৰত ১৪জনীয়া সমন্বয় সমিতিৰ দ্বাৰা চূড়ান্ত কৰাৰ সম্পৰ্কত লোৱা হয় সিদ্ধান্ত ৷

বৈঠকত ১৪ জনীয়া সমন্বয় সমিতি গঠন কৰা হয় ৷ সমিতিৰ সদস্য সকল হ’ল কংগ্ৰেছৰ চি বেনুগোপাল,ডি এম কেৰ টি আৰ বালু,এন চি পিৰ শাৰদ পাৱাৰ,শিৱসেনাৰ সঞ্জয় ৰাউট টিএম চিৰ অভিষেক বেনাৰ্জী,চিপিআইৰ ডি ৰাজা,পি ডিপিৰ মেহবুবা মুফটি,এন চিৰ ওমৰ আব্দুলা,আৰ জেডিৰ তেজস্বী যাদৱ,আপৰ ৰাখব চাদ্ধা,জে ডি ইউৰ লালন সিং ,জে এম এমৰ হেমন্ত ছোৰেন,চি পি আই এমৰ এজন সদস্য ৷

আনহাতে প্ৰস্তাৱ অনুসৰি দলবোৰে কয়, “জনসাধাৰণৰ উদ্বেগ আৰু গুৰুত্বপূৰ্ণ বিষয়ত দেশৰ বিভিন্ন প্ৰান্তত অতি সোনকালে ৰাজহুৱা সভা আয়োজনৰ সিদ্ধান্ত লয় ৷

ইয়াৰ পূৰ্বে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে সহযোগী দলসমূহক সতৰ্ক কৰি দি কয় অনাগত দিনবোৰত চৰকাৰৰ পৰা “অধিক আক্ৰমণ, অধিক অভিযান আৰু গ্ৰেপ্তাৰ”ৰ বাবে সাজু থাকিব। কিয়নো আমাৰ মাজত বিভাজনৰ আনিবৰ বাবে চেষ্টা চলাব ৷ গতিকে ইয়াৰ সকলোৱে দৃষ্টি ৰখাৰ দৰকাৰ ৷

বৈঠকত কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী,ৰাহুল গান্ধী,কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, বিহাৰৰ মুখ্যমন্ত্ৰী নিতীশ কুমাৰ, উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱ,তামিলনাডুৰ মুখ্যমন্ত্ৰী ষ্টেলিন,পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী,ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেন,মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে,জম্মু- কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ডা:ফাৰুক আব্দুলা,ওমৰ আব্দুলা, এম কেৰ টি আৰ বালু,এন চি পিৰ শাৰদ পাৱাৰ,শিৱসেনাৰ সঞ্জয় ৰাউট টিএম চিৰ অভিষেক বেনাৰ্জী,চিপিআইৰ ডি ৰাজা,পি ডিপিৰ মেহবুবা মুফটি,আপৰ ৰাখব চাদ্ধা,জে ডি ইউৰ লালন সিং ,চি পি আই এমৰ জ্যেষ্ঠ সদস্য সহ প্ৰায় ৬৪ নেতাই অংশগ্ৰহণ কৰে ৷

Exit mobile version