Shortage of Electricity:ধনৰ অভাৱত প্ৰতিদিনে ঘাটি হৈছে বিদ্যুত

বিশ্বকৰ্মা পূজা পৰ্যন্ত অব্যাহত থাকিব লোডশ্বেডিং !

apdcl

Shortage of Electricity:

ৰাজ্যবাসীক উৎকট গৰমে দহিছে ৷ ইয়াৰ মাজতে ভুতৰ ওপৰত দানহ পৰাৰ দৰে সঘনাই হৈ থকা লোডশ্বেডিঙে ৰাইজক খুৱাইছে জ্বলাকলা ৷

ৰাজ্যৰ অধিকাংশ অঞ্চলত বিশেষকৈ গ্ৰামাঞ্চলত দিনটোত প্ৰায় ৮-১০ বাৰ পৰ্যন্ত বিদ্যুত যোগান ব্যাহত হোৱাৰ অভিযোগ কৰিছে ভুক্তভোগী ৰাইজে ৷ ক্ৰমাৎ যেন শক্তিহীন হৈ পৰিছে ৰাজ্যৰ শক্তি বিভাগ

এপিডিছিএলৰ এক সূত্ৰৰ পৰা জানিব পৰা মতে,প্ৰায় ৭০০-৮০০ মেগাৱাট বিদ্যুৎ ঘাটি অব্যাহত আছে ৰাজ্যত। ধনৰ অভাৱত প্ৰতিদিনে ঘাটি হৈ আছে ৫০০-৬০০ মেগাৱাট বিদ্যুৎ । একেদৰে বিদ্যুত কোম্পানীটোৱে আহৰণ কৰিছে ১৮০০ মেগাৱাট বিদ্যুৎ ৷

যাৰবাবে এপিডিছিএলে বিশ্বকৰ্মা পূজা পৰ্যন্ত ৰাজ্যত লোডশ্বেডিং অব্যাহত থকাৰ ইংগিত দিয়ে ৷ অৰ্থাৎ উৎকট গৰম হ’লেই সকাহ দিবলৈ অক্ষম শক্তি বিভাগ ৷

Exit mobile version