Bajali Corruption Case Sp Arrested:চি আই ডিয়ে গ্ৰেপ্তাৰ কৰিলে বজালীৰ তদানীন্তন এছ পি সিদ্ধার্থ বুঢ়াগোঁহাইক

গ্ৰেপ্তাৰ বিতৰ্কিত ডিএছপি পুস্কল গগৈক, তিনিদিন মাৰাথান জেৰাৰ অন্তত সোমবাৰে চিআইডিয়ে গ্ৰেপ্তাৰ কৰে দুয়োজন আৰক্ষী বিষয়াক, ধন দাবী কৰা অভিযোগতএছ পি বুঢ়াগোঁহাই আৰু ডিএছ পি গগৈক গ্ৰেপ্তাৰ

sp bajali

Bajali Corruption Case Sp Arrested:

চুুপাৰী চিণ্ডিকেটৰ ব্যৱসায়ীত ধন দাবী কৰা অভিযোগত অৱশেষত চি আই ডিয় গ্ৰেপ্তাৰ কৰে বজালীৰ পৰা কিছুদিন পূৰ্বে শাস্তিমূলক বদলি হোৱা আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ বুঢ়াগোঁহাই।

বিগত তিনিদিন ধৰি চিআইডিয়ে মাৰাথান জেৰা অব্যাহত ৰখাৰ পাছত সোমবাৰে আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰ কৰে এছ পি গৰাকীক।

উল্লেখ্য যে,চুপাৰি ব্যৱসায়ীৰ পৰা ধন দাবী গোচত ইতিমধ্যে বজালী ডিএছ পি সহ কে’বাজনো আৰক্ষী চি আই ডিৰ জালত পৰাৰ পাছত সাজোৰে নাম উদ্থাপিন হৈছিল সদ্য বদলিপ্ৰাপ্ত এছ পি বুঢ়াগোঁহাইৰ নাম ৷

ইয়াৰ মাজতে দেওবাৰে এছ পি গৰাকীৰ বাসগৃহত চিআইডিয়ে চলাইছিল অভিযান। অভিযান চলোৱাৰ পাছত সোমবাৰে এছ পি গৰাকীক চিআইডি কাৰ্যালয়ত উপস্থিত হোৱাৰ চমন দিয়ে ৷
সেই অনুসৰি সোমবাৰে পুৱা বজালী তদানীন্তন এছ পি সিদ্ধাৰ্থ বুঢ়াগোঁহাই চিআইডি কাৰ্যালয়ত উপস্থিত হয় ৷চিআইডিয়ে চুপৰি ব্যৱসায়ীৰ পৰা ধন দাবী সন্দৰ্ভত বুঢ়াগোঁহাইক বহু সময় ধৰি মাৰাথন জেৰা চলোৱাৰ অন্তত গ্ৰেপ্তাৰ কৰে ৷  আনহাতে গ্ৰেপ্তাৰ হোৱা সিদ্ধাৰ্থ বুঢ়াগোহাঁইৰ চৰকাৰী আবাস গৃহ ছীল কৰে চি আই ডিয়ে ৷

আনহাতে আজি পুৱাৰ ভাগতে এই একেই গোচৰতে গ্ৰেপ্তাৰ হয় বজালীৰ ডিএছপি পুস্কল গগৈ।

মনকৰিবলগীয়া যে,চুপাৰি ব্যৱসায়িৰ পৰা বজালীৰ ডি এচ পি সহ সাত আৰক্ষীয়ে পাছ কোটি টকা দাবী কৰা বুলি বিস্ফোৰণ অভিযোগ উদ্থাপিত হয় ৷ মাফিয়াৰ ষ্টাইলত ধন দাবী কৰি অসম আৰক্ষীক পুনৰ লজ্জানত কৰাৰ কথা পোহৰলৈ অহাৰ পাছতে থৰকাছুটি হেৰুৱাই আৰক্ষী হেডকোৱাৰ্টাৰ ৷ ডিজিপি আৰু মুখ্যমন্ত্ৰীয়ে এই কাণ্ডৰ স’তে সাঙোৰ খোৱা কোনো এজন বিষয়াই ৰেহাই নাপায় বুলি মন্তব্য কৰে ৷

ইফালে শনিবাৰেই চিআইডিয়ে পাটাছাৰকুছি থানাৰ সহকাৰী উপ-পৰিদৰ্শক শশাংক দাস,ASP গায়ত্রী সোণোৱালৰ দেহৰক্ষী ABC ইনাজামামুল হাছান,গাড়ী চালক দ্বিপজয় ৰয়, বজালীৰ আৰক্ষী অধীক্ষকৰ অংশকালীন চালক হোমগাৰ্ড নাবিৰ আহমেদ ভৱানীপুৰ আৰক্ষী চকীৰ উপ-পৰিদৰ্শক দেৱজিৎ গিৰিক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে ।

দেওবাৰে বজালীৰ তদানীন্তন অতিৰিক্ত আৰক্ষী অধীক্ষক গায়ত্রী সোণোৱাল আৰু তেওঁ স্বামী ববী সিঙক গ্রেপ্তাৰ কৰিছিল ৷

চি আই ডি সুত্ৰে প্ৰাপ্ত খবৰ অনুসৰি গ্ৰেপ্তাৰৰ বাবে গৃহ বিভাগৰ পৰা যাৱতীয় অনুমোদন লাভ কৰাৰ পাছত আন কে’বা গৰাকী আৰক্ষী গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে ৷

শেহতীয়াকৈ ক্ষীপ্ৰতাৰে চিআই ডিয়ে তদন্ত অব্যাহত ৰাখিছে ৷ এই মুহূৰ্তলৈকে বজালী কাণ্ডৰ স’তে জড়িত হৈ গ্ৰেপ্তাৰ হোৱা আৰক্ষীৰ সংখ্যা বৃদ্ধি পালি নজনলৈ ৷

Exit mobile version