Noonmati Sahitya Sabha Foundation Day :নুনমাটি সাহিত্য সভাৰ ৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱস

যুৱ সাংবাদিক মনোজ কুমাৰ ডেকাক শিক্ষাবিদ প্ৰয়াত গজেন্দ্ৰ নাথ গোস্বামী সোঁৱৰণী সাংবাদিক বঁটা

manoj deka

Noonmati Sahitya Sabha Foundation Day :

উত্তৰ নুনমাটি সাৰ্বজনীন পূজা সমিতিৰ প্ৰাঙ্গণত নুনমাটি সাহিত্য সভাৰ ৩৮ তম প্ৰতিষ্ঠা দিৱসটো কালি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়।

কাৰ্যসূচী অনুযায়ী পুৱা ৯ বজাত ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাঙ্কণ, সাধুকথা কোৱা প্ৰতিযোগিতা,২বজাত মহিলাৰ দিহা নাম প্ৰতিযোগিতা অনুষ্ঠিত হয়।

বিয়লি ৪ বজাৰ পৰা পৰা নুনমাটি সাহিত্য সভাৰ সভাপতি যাদব চন্দ্ৰ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক জগদীশ পাটগিৰি, কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সভাপতি সবিতা দেৱী, উপ-সভাপতি হৰেশ্বৰ ডেকা , সম্পাদক অঙ্কুৰ ৰায় মেধি।

উক্ত সভাত সাহিত্য সভাৰ স্মৃতি গ্ৰন্থ ৰেঙণি উন্মোচন কৰা হয় । মুকলি সভাত বিভিন্ন প্ৰতিযোগীক বটা বিতৰণ কৰাৰ উপৰিও হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমীয়া বিভাগত ৮০ শতাংশৰ অধিক নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰীক অভিনন্দন পত্ৰ দিয়াৰ লগতে ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে অসমীয়া প্ৰতিদিনৰ সাংবাদিক মনোজ কুমাৰ ডেকাক বিশিষ্ট সাহিত্যিক তথা শিক্ষাবিদ প্ৰয়াত গজেন্দ্ৰ নাথ গোস্বামী সোঁৱৰণী সাংবাদিক বঁটা প্ৰদান কৰা হয় । এই বঁটাত আছে এখন প্ৰশস্তি পত্ৰ,নগদ ধন আৰু উপহাৰৰ টোপোলা।

এই বঁটা প্ৰদান কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক জগদীশ পাটগিৰিয়ে। সভাত নুনমাটি সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ক্ৰমে প্ৰদীপ কুমাৰ শৰ্মা, ৰত্নেশ্বৰ বসুমতাৰী, বীৰেন্দ্ৰনাথ কলিতা,কমল কলিতা , ডম্বৰুধৰ তালুকদাৰ, নৃপেন্দ্ৰ নাথ কাকতি আৰু নৰেন ৰয় উপস্থিত থাকে।

Exit mobile version