Rajkanya Baruah Accident Case:ৰাজকন্যাৰ গোচৰৰ পৰা দোষমুক্ত হ’ল বিশিষ্ট চিকিৎসক নৱনীল বৰুৱা

dr nabanil baruah 1

Rajkanya Baruah Accident Case:

বহু চৰ্চিত তথা ৰাজ্য জোঁকাৰি যোৱা ৰাজকন্যা বৰুৱাৰ দুৰ্ঘটনাৰ গোচৰৰ পৰা অৱশেষত দোষমুক্ত হ’ল চিকিৎসক নৱনীল বৰুৱা।

দিছপুৰ আৰক্ষীয়ে চিকিৎসকজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধি ১২০(বি)/২০১/২১২ ধাৰাত ৩৭20/2021 নম্বৰত ৰুজু কৰা গোচৰত কামৰূপ মহানগৰ জিলাৰ প্ৰথম শ্ৰেণী সত্ৰ ন্যায়াধীশ আদালতে শুনানি গ্রহণ কৰি উপযুক্ত তথ্য-প্রমাণ নথকাত চিকিৎসক বৰুৱাক গোচৰটোৰ পৰা যোৱা ২১ আগষ্টত খালাচ দিয়ে।

উল্লেখ্য যে ন্যায়াধীশ ভাস্কৰ দাস বিচাৰপীঠে গোচৰটোত আৰক্ষীয়ে দাখিল কৰা তথ্য-প্ৰমাণ আৰু অভিযোগনামাৰ উপৰি দিছপুৰ আৰক্ষী, জিএনআৰচিৰ চিকিৎসক আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চিকিৎসকসহ মুঠ আঠজনকৈ লোকৰ সাক্ষ্য গ্রহণ কৰি উচ্চতম ন্যায়ালয়ৰ এক নিৰ্দেশনাৰ উদ্ধৃতি দি ড° বৰুৱাক ক্লীনশ্বিট দিয়ে।

উল্লেখ্য যে ২০২১ৰ পহিলা অক্টোবৰৰ নিশা উপ- ৰাষ্ট্ৰপতিৰ আগমনৰ উপলক্ষে আঠজনকৈ শ্ৰমিকে ৰুক্মিণী গাঁৱৰ কালভাৰ্টৰ সমীপত কৰ্মৰত অৱস্থাত আছিল আৰু সেই সময়তে সান্ধ্য আইন ভংগ কৰি বিলাসী হোটেল তাজ ভিভাণ্টাত পাৰ্টি কৰি সুৰামত্ত হৈ বাহন চলাই অহা মডেল ৰাজকন্যা বৰুৱাই কৰ্মৰত অৱস্থাত থকা আঠজনকৈ শ্ৰমিকক মহটিয়াই নিছিল।

ইয়াৰে এজন শ্রমিকে চিকিৎসাধীন অৱস্থাত মৃত্যুক আঁকোৱালি লৈছিল। ইয়াৰ পাছতে এই সমগ্ৰ ঘটনাৰ পৰা ৰাজকন্যাক বচাবলৈ এটা পক্ষ উঠি-পৰি লাগিছিল। এই ঘটনাই ৰাজ্যজুৰি ব্যাপক প্রতিক্রিয়া সৃষ্টি কৰাৰ পাছতে দিছপুৰ আৰক্ষী সক্ৰিয় হৈছিল।

প্ৰথম অৱস্থাত আৰক্ষীয়ে গোচৰ ৰুজু কৰিছিল যদিও ৰাজকন্যা জিএনআৰচি চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ বাবে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাছিল।

শেষত ৰাজ্যজুৰি চৰকাৰ আৰু আৰক্ষীৰ সমালোচনা হোৱাৰ পাছত জিএনআৰচি হাস্পতালৰ পৰাই ৰাজকন্যাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰিছিল।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ গোটে স্বাস্থ্য পৰীক্ষাৰ অন্তত ৰাজকন্যা সুস্থ বুলি প্রতিবেদন দিয়াত চিকিৎসাৰ ভুৱা তথ্য দিয়া অভিযোগত জিএনআৰচিৰ চিকিৎসক বৰুৱাৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰি জেৰা চলাইছিল।

অৱশ্যে সেই সময়ত বৰুৱাই জামিন লাভ কৰিছিল আৰু প্ৰায় দুটা বছৰৰ পাছত আদালতে অভিযুক্তৰ বিৰুদ্ধে গোচৰ চলাবলৈ উপযুক্ত তথ্য-প্রমাণ নোপোৱাত তেওঁক খালাচ দিয়ে ।

Exit mobile version