Takeyamari  L P School :টকেয়ামাৰী পালপাৰা প্ৰাথমিক বিদ্যালয় হস্তান্তৰকৰণ কৰাত পুনৰ ৰাইজৰ উত্তাল প্ৰতিবাদ

protest

Takeyamari Palpara L P School :

গোসাঁইগাঁও মহকুমাৰ টকেয়ামাৰীস্থিত টকেয়ামাৰী পালপাৰা প্ৰাথমিক বিদ্যালয়খন সেই বিদ্যালয়ৰ পৰা প্ৰায় ১৩০০ মিটাৰ দূৰত থকা টকেয়ামাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ সৈতে চামিল কৰাত বিদ্যালয়ৰ ছাত্র-ছাত্ৰীৰ সৈতে ৰাইজে আজি বিদ্যালয় প্ৰাঙ্গনত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদী ৰাইজে আমাৰ বিদ্যালয় হস্তান্তৰকৰণ কৰা নচলিব,আমাৰ বিদ্যালয় লাগিবই, আমাৰ দাবী ন্যাৰ্য় দাবী, আমাৰ দাবী মানিবই লাগিব আদি শ্ল’গানেৰে আকাশ বতাহ উত্তাল কৰি তোলে। ৰাইজে অভিযোগ কৰা মতে অতি ভিতৰুৱা অঞ্চলৰ মাজত ১৯৭৫ চনত স্থাপিত বিদ্যালয় খন বেলেগ বিদ্যালয়ৰ সৈতে চামিল কৰাত গাঁওখনৰ কণ-কণ ছাত্র ছাত্ৰী সকলৰ বহুত অসুবিধা হব।

তেওলোকে কয় যে গাঁওখনৰ বাট পথ সুচল নথকাত গাওখনৰ পৰা তেৰশ মিটাৰ দূৰত্বৰ বিদ্যালয় খনত কণ-কণ ছাত্র ছাত্ৰী সকলে কেনেকৈ যাব।ইয়াৰ উপৰিও সেই বিদ্যালয় খনত যাবলৈ হলে এটা পকী পথ পাৰ হৈ যাৱ লাগে সেই পথটোৰ পাৰাপাৰ হওতে দূৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা কৰিছে অভিভাৱক সকলে।

যিখন বিদ্যালয়ৰ সৈতে তেওলোকৰ বিদ্যালয়খন চামিল কৰিছে সেই বিদ্যালয়ৰ ওচৰেদি ৰেল লাইন পাৰ হৈ যোৱাত অভিভাৱক সকলে নিজৰ কণ-কণ লৰা ছোৱালীক সেই বিদ্যালয়ত পঠিওৱাত অমান্তি হৈ ৰাজ্যৰ মূখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, বিটিআৰৰ মূখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োক তেওলোকৰ বিদ্যালয়খন পূৰ্বৰ ঠাইতে ৰাখি পুনৰ সেই বিদ্যালয়তে পাঠদানৰ ব্যৱস্থা কৰি কণ কণ ছাত্র ছাত্ৰী সকলৰ ভৱিষ্যত সু নিশ্চিত কৰিবলৈ দাবী জনায়।

উল্লেখ্য যে একেটা দাবীত ৰাইজে যোৱা ২৯ আগষ্টতো বিদ্যালয় প্ৰাঙ্গনত প্ৰতিবাদ সাৱস্থ্য কৰিছিল আৰু আজিও পুনৰ উত্তাল প্ৰতিবাদ সাৱস্ত কৰে ৰাইজে।

Exit mobile version