Preperations For G-20 Summit In Delhi:20 G-২০ সন্মিলনীৰ বাবে সম্পূৰ্ণ সাজু হৈ উঠিছে নতুন দিল্লী

১ লাখ ৩০ হাজাৰ সেনা নিয়োগৰে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে

g20 1 2

Preperations For G-20 Summit In Delhi :

জি-২০ সন্মিলনৰ বাবে ইতিমধ্যে সাজু হৈ উঠিছে ৰাজধানী মহানগৰ নতুন দিল্লী। সন্মিলনত অংশগ্ৰহণ কৰিবলগীয়া বিশ্বৰ কে’বা খনো মহাশক্তিধৰ ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপ্ৰধানৰ লগতে আন বহু কেইখন ৰাষ্ট্ৰৰ আহিবলগীয়া ৰাষ্ট্ৰপ্ৰধান আৰু প্ৰতিনিধিক আদৰণি আৰু অভ্যৰ্থনা জনোৱাৰ বাবে আটকধুনীয়া কৰি তোলা হৈ ৰাজধানী মহানগৰ খন ৷

আনহাতে নিৰাপত্তা দিশটোত কোনো খুট নৰখাকৈ একপ্ৰকাৰ কটকটীয়া নিৰাপত্তা বেহু গঢ়ি তোলা হৈছে ৷ ৰাষ্ট্ৰপ্ৰধান আৰু সংশ্লিষ্ট দেশ সমূহৰ প্ৰতিনিধি সকলৰ সুৰক্ষাৰ বাবে ১ লাখ ৩০ হাজাৰ সেনা নিয়োগ কৰাৰ লগতে অহনিষে ড্ৰোণ আৰু হেলিকপ্টাৰেৰে দিল্লীৰ চৌপাশৰ আকাশমাৰ্গৰ পৰা নিৰীক্ষণৰ বৃহৎ ব্যৱস্থা কৰা হৈছে।

উল্লেখ্য যে,৯ আৰু ১০ ছেপ্তেম্বৰত অনুষ্ঠিত হ’ব লগা বিশ্বৰ হাই প্ৰফাইল সন্হাটোৰ শিখৰ সন্মিলনত অংশগ্ৰহণ কৰাৰ বাবে ইতিমধ্যে কেতবোৰ দেশৰ প্ৰতিনিধিৰ সোঁত বৈছে দিল্লীলৈ ৷

দিল্লীৰ চৌপাশ এতিয়া ন -কইনা সজোৱাৰ দৰে নানা ৰংবিৰঙৰ ফুল আৰি দিয়াৰ লগতে জি-২০ দেশৰ পতাকা সমূহ আৰি দিয়া হৈছে ৷ একেদৰে সজাই তোলা হৈছে লালকিল্লা,তাজমহল সহ ঐতিহাসিক স্মাৰকসমূহ ৷

নতুন দিল্লীত ইতিপূৰ্বে ভৰি দিয়া প্ৰতিনিধি আৰু আহিবলগীয়া প্ৰতিনিধিবৰ্গৰ বাবে ৰখাৰ ব্যৱস্থা কৰা হৈছে বিভিন্ন পঞ্চতাৰকা হোটেলত ।

ইপিনে সন্মিলনৰ সময়ছোৱাত দিল্লী বিমান বন্দৰৰ সকলো ধৰণৰ নিৰাপত্তা দিশ চোৱাচিতাৰ বাবে দায়িত্ব দিয়া হৈছে বায়ু সেনা বাহিনীক ৷ বায়ু সেনাই সম্ভাব্য যিকোনো পৰিস্থিতি মোকাবিলা কৰাকৈ অপাৰেচন ডাইৰেকশ্বন চেণ্টাৰৰ অধীনত সাজু কৰি ৰাখিছে চুখই আৰু ৰাফেল যুঁজাৰু বিমানক।

মনকৰিবলগীয়া যে,দুদিনীয়াকৈ অনুষ্ঠিত জি-২০ সন্মিলনত মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইদেন,বৃটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনাক,চীনৰ প্ৰধানমন্ত্ৰী লী কেয়ুয়াং ,ফান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন,জাপানী প্ৰধানমন্ত্ৰী ফুমিঅ খিচিদা সহ হাই প্ৰফাইল ৰাষ্ট্ৰপ্ৰধান সকল দিল্লীৰ কে’বাখনো বহু তাৰকাযুক্ত হোটেলত ৷

 

শেহতীয়া খবৰ অনুসৰি জি- 20 বৈঠকত ভাগ লবৰ বাবে ইতিমধ্যে নতুন দিল্লীত উপস্থিত হৈছে আফ্ৰিকান দেশ নাইজেৰিয়াৰ ৰাষ্ট্ৰপতি টিনুবা ৷

Exit mobile version