Anurag Thakur:ডিচেম্বৰতে হ’ব লোকসভাৰ নির্বাচন !

কেন্দ্ৰীয় মন্ত্ৰীৰ মন্তব্যক লৈ জল্পনা কল্পনা বৃদ্ধি 

anurag thakur

Anurag Thakur:

আগন্তুক লোকসভাৰ নির্বাচন অনুষ্ঠিত হ’ব পাৰে চলিত বৰ্ষৰ অন্তিম মাহ ডিচেম্বৰত। ইণ্ডিয়া-ভাৰত’ আৰু ‘এক দেশ এক নির্বাচন’ বিতৰ্কৰ মাজতে এই জল্পনা বৃদ্ধি কৰিলে স্বয়ং প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অতি ঘনিষ্ঠ হিচাপে পৰিচিত কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত লোকসভাৰ নিৰ্বাচনৰ কথা উল্লেখ কৰাৰ সময়ত কেন্দ্রীয় মন্ত্রীজনে ডিচেম্বৰৰ কথা উল্লেখ কৰাত এই বিষয়ত জল্পনা -কল্পনাৰ সৃষ্টি হৈছে।

সম্প্ৰতি সংসদৰ বিশেষ অধিবেশন আহ্বান কৰিছে মোদী চৰকাৰে। অৱশ্যে এই অধিবেশনৰ বাবে কোনো এজেণ্ডা ঘোষণা কৰা নাই। বিৰোধীয়ে ইতিমধ্যে শংকা ব্যক্ত কৰি কৈছে যে কেন্দ্ৰৰ চৰকাৰে নিৰ্দিষ্ট সময়ৰ পূৰ্বে চলিত বৰ্ষতে লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত কৰিব বিচাৰিছে।

সাক্ষাৎকাৰত এই বিষয়ত এক প্ৰশ্নৰ উত্তৰ দি মন্ত্ৰী অনুৰাগে ক’লে, ‘দুটা বিষয়ত মোৰ দৃষ্টিগোচৰ হৈছে য’ত বিৰোধী অত্যন্ত দুর্বল। লোকসভাৰ নিৰ্বাচন আগুৱাই আনি ডিচেম্বৰত অনুষ্ঠিত কৰা হ’ব বুলি বিৰোধীৰ কোনো কোনোৱে ভয় কৰিছে। কিন্তু নিৰ্বাচনত তেওঁলোকৰ ইমান ভয় কিয় ? কাৰণ তেওঁলোকে এতিয়াৰ পৰাই হয়তো নিজৰ পৰাজয় প্ৰত্যক্ষ কৰিছে।’ অনুৰাগৰ এই মন্তব্যৰ ত সঁচাকৈয়ে দেশত ডিচেম্বৰত লোকসভাৰ নিৰ্বাচন অনুষ্ঠি হ’ব নেকি বুলি জল্পন- কল্পনা বৃদ্ধি পাইছে।

Exit mobile version