Burmese Supari Worth Rs 20.40 crore Seized In Manipur:দুটা দিনত মণিপুৰত জব্দ ২০.৪০ কোটি টকাৰ বাৰ্মিজ চুপাৰী ,আটক চাৰি সৰবৰাহকাৰী

Burmese Supari Worth Rs 20.40 crore Seized In Manipur:

প্ৰতিবেশী ৰাজ্য ৰাজ্য মণিপুৰত অবৈধ বাৰ্মিজ চুপাৰীৰ সৰবৰাহৰ মুল ক্ষেত্ৰ হিচাপে সংগোপনে গঢ়ি তুলিছে বাৰ্মিজ চুপাৰীৰ সৰবৰাহকাৰীয়ে ৷ মণিপুৰৰ গাতে লাগি থকা ম্যানমাৰৰ পৰা মণিপুৰলৈ দীৰ্ঘদিনৰ পৰা অহৰহ সৰবৰাহ হৈ আছে বাৰ্মিজ চুপাৰীৰ সৰবৰাহ ৷

কিন্ত শেহতীয়াকৈ অসম ৰাইফলছে বাৰ্মিজ চুপাৰীৰ গোপন সৰবৰাহৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে ৷ বিশেষ খবৰৰ ভিত্তিত অসম ৰাইফলছৰ এটা টহলকাৰী দলে বিগত দুটা দিনত অভিযান চলাই জব্দ কৰে প্ৰায় ২০.৪০ কোটি টকা মূল্যৰ বাৰ্মিজ চুপাৰী ৷

মণিপুৰৰ ভাৰত-ম্যানমাৰ সীমান্তৱৰ্তী কামজং জিলাৰ ফাইকোহ এলেকাত অভিযান চলাই অসম ১৭০০ বস্তা বাৰ্মিজ চুপাৰী জব্দ কৰিবলৈ সক্ষম হয় ৷

চাৰিখন ট্ৰাকৰ পৰা জব্দ‌ কৃত চুপাৰীৰ ওজন ১ লাখ ৭০ হাজাৰ‌ কেজি মূল্য প্ৰায় ২০ কোটি ৪০ লাখ টকা বুলি অনুমান কৰা হৈছে ৷

উল্লেখ্য যে,অসম ৰাইফলছে জব্দকৃত বাৰ্মিজ চুপাৰীৰ স’তে আটক কৰে চাৰি সৰবৰাহকাৰীক ৷ অসম ৰাইফলছৰ উপযুপৰি জেৰাত সৰবৰাহকাৰীয়ে সদৰি কৰা মতে,জব্দকৃত বাৰ্মিজ চুপাৰী খিনি ম্যানমাৰৰ পৰা মিজোৰামৰ মাজেৰে নি পৰৱৰ্তী সময়ত দেশৰ আন ৰাজ্যলৈ নিয়াৰ পৰিকল্পনাৰে মজুত কৰি ৰাখিছিল৷

আনহাতে অসম ৰাইফলছে জব্দকৃত বাৰ্মিজ চুপাৰী খিনি ইতিমধ্যে চমজাই দিয়ে কেন্দ্ৰীয় শুল্ক বিভাগক

Exit mobile version