Autumn Session of Assembly Begins Today:আজিৰ পৰা আৰম্ভ অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন

পাঁচদিনীয়া অধিৱেশনত সদনত উদ্থাপন হোৱাৰ সম্ভাৱনা মুঠ ২৩ খন বিধেয়ক

ala 1

Autumn Session of Assembly Begins Today:

আজিৰ পৰা অসম বিধান সভাৰ নতুন ভৱনত আৰম্ভ হৈছে শৰৎকালীন অধিৱেশন ।নতুনকৈ নিৰ্মাণ কৰা বিধানসভা ভৱনত পাঁচ দিনৰ বাবে অনুষ্ঠিত হ’ব এই অধিৱেশন।

উল্লেখ্য যে,অধিৱেশন আৰম্ভ হোৱাৰ প্ৰাৰম্ভনীতে নতুন বিধানসভা ভৱনত চৌহদত নিৰ্মাণ কৰি উলিওৱা জাতিৰ পিতা মহাত্মা গান্ধীৰ আৱক্ষ মূৰ্তি উন্মোচন কৰে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ৷ অনুষ্ঠানত উপস্থিত থাকে বিধান সভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী ,উপাধ্যক্ষ ড:নোমল মুমিন ,সহ শাসক – বিৰোধীৰ বিধায়কসকল।

মহাত্মা গান্ধীৰ আৱক্ষ মূৰ্তি উন্মোচন কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয়,সত্য আৰু অহিংসাৰ পূজাৰী গান্ধীজীৰ নীতি আৰু আদৰ্শই আমাক সদায়েই জনসেৱাৰ ক্ষেত্ৰত অনুপ্ৰাণিত কৰি আহিছে। আজি অসম বিধানসভা চৌহদত মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি উন্মোচন কৰিবলৈ পাই নিজকে পৰম সৌভাগ্যৱান হিচাপে বিবেচনা কৰিছোঁ।

ইয়াৰ পাছতে ৯-৩০ বজাত আৰম্ভ হয় বিধান সভাৰ পাঁচদিনীয়া শৰৎকালীন অধিৱেশন।

প্ৰাপ্ত খবৰ অনুসৰি অধিৱেশনত মুঠ ২৩ খন বিধেয়ক উত্থাপন হোৱাৰ বিপৰীতে ৮খন নতুন বিধেয়ক আৰু ১৫ খন সংশোধনী বিধেয়কো উত্থাপন হোৱাৰ সম্ভাৱনা আছে ৷

এই বাতৰি যুগুত কৰাৰ সময়ত ৰাজ্যত বিদ্যুতৰ সমস্যা সন্দৰ্ভত সদনত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই সদনত কয়,’অসমত বিদ্যুতৰ নাটনি ৩১, ১, ২ তাৰিখে আছিল। এতিয়া অসমত বিদ্যুতৰ নাটনি বুলি কথা নাই। বিগত ৩ দিন ধৰি নিৰন্তৰভাৱে বিদ্যুৎ সকলো মানুহে পায় আছে। ৩ দিনক বাদ দি অসমত ক’তো লোডশ্বেডিং হোৱা নাই। ভৱিষ্যতে আৰু লোডশ্বেডিং হোৱাৰ সম্ভাৱনা নাই।’

আনহাতে বিধানসভাৰ মজিয়াত ৰাজ্যৰ লোডশ্বেডিঙক লৈ চলা চৰ্চাত অংশগ্ৰহণ কৰে বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া,বিধায়কদ্বয় অখিল গগৈ আৰু মনোৰঞ্জন তালুকদাৰে।

ইপিনে বিৰোধীয়ে উদ্থাপন কৰা তিনিটা বিষয়ত সভা স্থগিতৰ প্ৰস্তাৱ মুখ্যমন্ত্ৰীৰ আহ্বানত সভা স্থগিতৰ প্ৰস্তাৱ স্বীকাৰ কৰে অধ্যক্ষ দৈমাৰী ।

Exit mobile version