Bodoland University:বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য লাইশ্ৰাম লাড্ডু সিঙক অপসাৰণৰ দাবীত দোতমাত বডোফা ইউ এন ব্ৰহ্ম মহাবিদ্যালয়ত এবছুৰ ধৰ্ণা

boroland university

Bodoland University:

কোকৰাঝাৰ জিলাৰ দোতমাস্থিত বডোফা ইউ এন ব্ৰহ্ম মহাবিদ্যালয়ৰ সন্মূখৰ মূখ্য প্ৰৱেশ দুৱাৰত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য লাইশ্ৰাম লাড্ডু সিংক অপসাৰনৰ দাবীত এবছুই ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে।

প্ৰতিবাদকাৰী সকলে লাইশ্ৰাম লাড্ডু সিং হায় হায়, উই ওৱাণ্ট জাছটিছ, নো ছাছপেঞ্চন নো ৰেষ্ট আদি প্ৰতিবাদী শ্ল’গানেৰে মহাবিদ্যালয় চৌহদ উত্তাল কৰি তোলে।

কোকৰাঝাৰ জিলা এবছুৰ শিক্ষা সম্পাদক বিনয় ব্ৰহ্ম , থানেশ্বৰ ব্ৰহ্ম , দৈফুং ব্ৰহ্ম ,অতুল চন্দ্ৰ ব্ৰহ্ম আদিয়ে প্ৰতিবাদত অংশগ্ৰহণ কৰি দুৰ্নীতিগ্ৰস্থ উপাচাৰ্য্য গৰাকীৰ অতি সোনকালে বদলি কৰি নতুন এগৰাকী ভাল উপাচাৰ্য নিযুক্তি দিবলৈ ৰাজ্যৰ মূখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যপাল গোলাপ চান্দ কাটাৰিয়াক দাবী জনায়।

আজিৰ আন্দোলনৰ পিছতো যদি তেওলোকৰ দাবী মানি নলয় তেন্তে আগন্তুক দিনত গণতান্ত্ৰিকভাৱে আন্দোলনৰ হুংকাৰ দিয়ে।

Exit mobile version