Fake DC Arrested:বৰপেটাত আৱিৰ্ভাৱ ভুৱা উপায়ুক্ত !

দুই শিক্ষয়িত্ৰীৰ পৰা ধুৰন্ধৰ প্ৰৱঞ্চকে লুটি নিলে ৫০ হাজাৰ টকা

foaud arrested

Fake DC Arrested:

মহানগৰীত মুন্নাভাই ,মৰিগাঁত ভুৱা এছ পিৰ পাছত এইবাৰ বৰপেটাত আৱিৰ্ভাৱ হৈ ভুৱা জিলা আয়ুক্তৰ

দুই শিক্ষয়িত্ৰীৰ পৰা অতি কৌলৰে লুট কৰি নিয়ে ৫০ হাজাৰ টকা ৷ উল্লেখ্য যে, নজৰুল ইছলাম নামৰ এটা কুখ্যাত প্ৰৱঞ্চকে এজনে লগৰ আন জনক সজাইছিল ভুৱা উপায়ুক্ত।

পৰৱৰ্তী সময়ত ভুৱা উপায়ুক্তৰে কনফাৰেন্স কলৰ জৰিয়তে নজৰুল ইছলামে শিক্ষয়িত্ৰীদ্বয়ক দিছিল নানান ভাবুকি। মাণিকপুৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্রী ফুলমণি মদাহি, সহ-শিক্ষয়িত্ৰী ৰুকছানা আহমেদৰ পৰা চিএম ভিজিলেন্সত গোচৰ দিয়াৰ ভাবুকিৰে লুটিলে ধন। আনকি ফোনপে’ৰ জৰিয়তে নিজৰ একাউণ্টলৈ লৈছিল ধন।
ইফালে শিক্ষয়িত্ৰী গৰাকীয়ে কল ৰেকৰ্ডিঙত আবদ্ধ কৰি ৰাখিছে প্ৰৱঞ্চকৰ সকলো কল ৷ প্ৰৱঞ্চনাৰ বলী হোৱা শিক্ষায়িত্ৰীদ্বয়ে অৱশেষত দুই প্ৰৱঞ্চকৰ বিৰোদ্ধে বৰপেটাৰ কলগাছিয়া থানাত গোচৰ ৰজু কৰে।

ইতিমধ্যে আৰক্ষীৰ জালত পৰা নজৰুল ইছলামৰ বিৰুদ্ধে আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত

Exit mobile version