Assam State Zoo:অসম ৰাজ্যিক চিৰিয়াখানাত “প্ৰকৃতিৰ আশ্চৰ্য্যভূমি” অনুষ্ঠানত ভাৰতৰ দহখন ৰাজ্যৰ প্ৰকৃতি অনুৰাগীৰ অংশগ্ৰহণ

state zoo 1

Assam State Zoo:

“নি:স্বাৰ্থ সেৱাৰ জৰিয়তে আমি শান্তি লাভ কৰিব আৰু সপোনক ডেউকা দিব পাৰোঁ । আমাৰ এহাতে শান্তি আৰু আনহাতে আশা থাকে।” অসম ৰাজ্যিক চিৰিয়াখানা তথা উদ্ভিদ উদ্যানত আয়োজিত “প্ৰকৃতিৰ আশ্চৰ্য্যভূমি” অনুষ্ঠানত অংশগ্ৰহণকাৰীসকলৰ সৈতে মত বিনিময় কৰি ৰাষ্ট্ৰসংঘৰ চেম্পিয়ন অৱ আৰ্থ বঁটা বিজয়ী আৰণ্যকৰ ড০ পূৰ্ণিমা দেৱী বৰ্মনে এই মন্তব্য কৰে ।

উত্তৰ পূৱৰ অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰান্যকে (www.aaranyak.org) নগৰীয়া জৈৱ বৈচিত্ৰ্যৰ ভূমিকাক প্ৰাধান্য দি অসম ৰাজ্যিক চিৰিয়াখানা তথা উদ্ভিদ উদ্যানত “নেচাৰ্চ ৱাণ্ডাৰলেণ্ড – এ জাৰ্নি অৱ কিউৰিয়ছিটি” শীৰ্ষক এই কাৰ্যসূচীৰ আয়োজন কৰিছিল ।

উইপ্ৰ’ ফাউণ্ডেশ্যন আৰু “লাছা” (লিয়া এছ’চিয়েটছ চাউথ এছিয়া প্ৰাইভেট লিমিটেড)ৰ সহযোগত অলপতে অনুষ্ঠিত এই অনুষ্ঠানত ভাৰতৰ ১০খন বিভিন্ন ৰাজ্যৰ মুঠ ৩০ গৰাকী প্ৰকৃতি অনুৰাগীয়ে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।

আৰণ্যকৰ জ্যেষ্ঠ প্ৰবন্ধক জয়ন্ত কুমাৰ পাঠকে অংশগ্ৰহণকাৰীসকলক অনুষ্ঠানটোৰ উদ্দেশ্য আৰু নগৰীয়া জৈৱ বৈচিত্ৰ্যৰ গুৰুত্ব উপলব্ধি কৰাৰ বাবে এনেধৰণৰ পদক্ষেপৰ প্ৰয়োজনীয়তাৰ বিষয়ে ব্যাখ্যা কৰে ।

বন্যপ্ৰাণী জীৱবিজ্ঞানী ড° জয়াদিত্য পুৰকায়স্থই “এক্স-চিটু কনজাৰভেশ্যন” অৰ্থাত প্ৰাকৃতিক আৱাসভূমিৰ বাহিৰত সকলো স্তৰৰ জৈৱ বৈচিত্ৰ্যৰ সংৰক্ষণত প্ৰাণী উদ্যান অৰ্থাত চিৰিয়াখানৰ ভূমিকা সম্পৰ্কত অংশগ্ৰহণকাৰীসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ কয় যে বিভিন্ন প্ৰজাতিৰ সংৰক্ষণ, বন্যপ্ৰাণী গৱেষণা, আৰু আবদ্ধ এলেকাত প্ৰজননৰ জৰিয়তে বিপন্ন আৰু বিলুপ্ত প্ৰজাতিৰ পুনৰূদ্ধাৰ কৰাৰ ক্ষেত্ৰত প্ৰাণী উদ্যানৰ ধাৰণা আৰু ইয়াৰ ভূমিকাক স্বীকৃতি দিয়াৰ সময় আহি পৰিছে ।আৰণ্যকৰ পৰিৱেশবিদ তন্বী হুছেইনে “এক স্বাস্থ্য আৰু মানৱ কল্যাণ” ধাৰণা সন্দৰ্ভত অংশগ্ৰহণকাৰীসকলৰ সৈতে মত বিনিময় কৰে।

অসম ৰাজ্যিক চিৰিয়াখানাৰ মুখ্য পশু ৰক্ষক ৰাজনী কান্ত ডেকাই পশু উদ্ধাৰ আৰু পুনৰ সংস্থাপন, আবদ্ধ পৰিৱেশত প্ৰজনন আৰু পশু আচৰণ আদিৰ সম্পৰ্কত তেওঁৰ অভিজ্ঞতাৰ বিষয়ে প্ৰকৃতি অনুৰাগীসকলক অৱগত কৰে। তেওঁ কয়, “মানুহৰ মেজাজ আৰু আচৰণ বুজি পোৱাৰ দৰে মেজাজ আৰু আচৰণ বুজি পোৱাটো সহল নহয় ; মানৱসৃষ্ট কাৰ্য্যকলাপ, হৰ্ণ বজোৱা, ফটকা ফুটোৱা আৰু উচ্চ প্ৰাৱল্যৰ শব্দ সৃষ্টি কৰা অন্যান্য কাৰ্য্যকলাপে জীৱ- জন্তুৰ মানসিক চাপৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে আৰু সিহঁতৰ আচৰণত গুৰুতৰ প্ৰভাৱ পেলাব পাৰে” ।

আৰণ্যকৰ দীপক ভট্টাচাৰ্য আৰু অসম ৰাজ্যিক চিৰিয়াখানাৰ প্ৰণৱ বড়ীয়েও প্ৰকৃতি সংৰক্ষণৰ বাবে কাম কৰাৰ উৎসাহৰ লগতে আনন্দৰে জীয়াই থকাৰ তাৎপৰ্য আৰু জীৱনত উথান-পতন নিৰ্বিশেষে সুখী হোৱাৰ কলা সম্পৰ্কত অংশগ্ৰহণকাৰীসকলৰ সৈতে মত বিনিময় কৰে।

আৰণ্যকৰ দলৰ লগতে “ৱাণ্ডাৰলেণ্ড মেণ্টৰ” প্ৰাঞ্জল মহানন্দ, জিজ্ঞাস বৰুৱা, প্ৰমোদ চৌধুৰী আৰু সীমান্ত মেধিয়ে অংশগ্ৰহণকাৰীসকলক প্ৰকৃতি ভ্ৰমণ কৰায় । যোৱা ৩ ছেপ্টেম্বৰত অনুষ্ঠিত আৰু আৰণ্যকৰ প্ৰণৱ গোস্বামী আৰু ৱাছিমা বেগমে পৰিচালনা কৰা অনুষ্ঠানটোত ডিম’ৰিয়া মহাবিদ্যালয়ৰ পৰিৱেশ পুনৰুদ্ধাৰ বিভাগৰ প্ৰহেলিকা শইকীয়া, বিশাখা শইকীয়া, হীৰামণি ৰাভা, বীৰছং ফাংচ’ আৰু আৰণ্যকৰ আকাশ কাকতি, নয়ন শৰ্মা আৰু অনিল কুমাৰ দাসে স্বেচ্ছাই সহায় আগবঢ়ায় ।

Exit mobile version