Bihar Boat Accident:বিহাৰৰ মুজাফ্ফৰপুৰত শোকাৱহ নাও দুৰ্ঘটনা

বিদ্যালয়লৈ গৈ থকা অৱস্থাতে সংঘটিত নাও দুৰ্ঘটনাত নিৰুদ্দেশ ১০ টাকৈ শিশু

bihar boat accident 2

Bihar Boat Accident:

বিদ্যালয়লৈ নাওৰে গৈ থকা অৱস্থাত সংঘটিত নাও দুৰ্ঘটনাত সলিল সমাধি ১০টাকৈ শিশুৰ ।

বৃহস্পতিবাৰে পুৱা বিহাৰৰ মুজাফ্ফৰপুৰ জিলাৰ বাগমতী নদীত শোকাৱহ নাও দুৰ্ঘটনা৷ দুৰ্ঘটনাৰ পিছৰে পৰা নাওখনত থকা ১০ টা শিশু সন্ধানহীন হৈ আছে। দুৰ্ঘটনা

 

উল্লেখ্য যে নাওখনত মুঠ শিশু আছিল প্ৰায় ৩০ জন ৷ অভিশপ্ত নাওখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পাছতে ২০ জন শিশু সাতুঁৰি নিজৰ প্ৰাণ ৰক্ষা কৰে যদিও বাকী ১০টি শিশু এই পৰ্যন্ত নিৰুদ্দেশ হৈ আছে ৷

ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী,এছ ডি আৰ এফৰ ডুবাৰু উপস্থিত হৈ অভিযান অব্যাহত ৰাখিছে ৷

আনহাতে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে সাংবাদিকক সদৰি কৰে যে মুজাফ্ফৰপুৰৰ জিলা দণ্ডাধীশ সহ এছ ডি আৰ এফৰ বাহিনীক ধৰি দুৰ্ঘটনাস্থলীলৈ নিৰ্দেশ দিয়াৰ লগতে দুৰ্ঘটনাৰ তদন্ত ঘোষণা কৰে ৷

এই শোকাৱহ দুৰ্ঘটনাত নিহত পৰিয়াললৈ গভীৰ সমবেদনা জনাই সকলোৱে যথাসাধ্য সহায় আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে ৷

Exit mobile version