Dispur Mla Atul Bora:দুৰ্নীতিগ্ৰস্ত ৰেঞ্জাৰক বনমন্ত্ৰীয়ে সুৰক্ষা দিয়াক লৈ সদনত সৰৱ দিছপুৰ বিধায়কৰ

atul bora

Dispur Mla Atul Bora:

অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ চতুৰ্থ দিনটোত সদনত বিৰোধী বিধায়কৰ দৰে সৰৱ হ’ল শাসকীয় বিধায়ক

অসম চৰকাৰৰ অমৃত বৃক্ষ ৰোপণ কাৰ্যসূচীৰ আঁত ধৰি দিছপুৰৰ বিধায়ক অতুল বৰাই সোনাপুৰৰ আঞ্চলিক বন বিষয়াৰ দুৰ্নীতি সন্দৰ্ভত উত্তাল বক্তব্য ৰাখে ৷ বিধায়ক গৰাকীয়ে কয়, তেওঁ সমষ্টিৰ অন্তৰ্গত সোণাপুৰ আঞ্চলিক বন বিষয়াগৰাকীয়ে এটা অঞ্চলত ৮ লাখ টকাৰ গছপুলি ৰোপণ কৰা দেখুৱাই উল্লিখিত ধন আত্মসাৎ কৰে।

আনকি বিধায়ক গৰাকীয়ে এইটোও কথা উল্লেখ কৰে যে,গছপুলি ৰোপন কৰা স্থান তেওঁ স্বয়ং পৰিদৰ্শন কৰি এটাও পুলি নেদেখা বুলি গুৰুত্বৰ অভিযোগ উদ্থাপন কৰে ৷
দুনীৰ্তিগ্ৰস্ত বিষয়া গৰাকীৰ বদলিকৰণ আৰু বিভাগীয় শাস্তিৰ সন্দৰ্ভত ইতিপূৰ্বে কে’বাবাৰো বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক অৱগত কৰাৰ পাছতো লোৱা নহ’ল কোনো কাৰ্যব্যৱস্থা ৷

অথচ শেহতীয়াকৈ যিটো স্থানত দুনীৰ্তিগ্ৰস্ত বিষয়াজনে আঠ লাখ টকাৰ গছ পুলি ৰোপনৰ নামত সমুদায় টকা গোগ্ৰাসে আত্মসাৎ কৰিছিল ৷এতিয়া সেই একেই স্থানত পুনৰ অমৃত বৃক্ষ ৰোপণ কাৰ্যসূচীৰ ৰূপায়ণ কৰাটো অতি পৰিতাপৰ কথা বুলি সদনত মন্ত্ৰী পাটোৱাৰীক উদ্দেশ্যি বিধায়ক বৰাৰ ক্ষোৰধাৰ সমালোচনা ৷

দুনীৰ্তিগ্ৰস্ত বিষয়াজনক কিয় ৰক্ষনাবেক্ষণ দিয়া হৈছে বুলি প্ৰশ্ন সোধে বনমন্ত্ৰী গৰাকীক ৷

উল্লেখ্য যে,অমৃত বৃক্ষ ৰোপন কাৰ্যসূচীত মন্ত্ৰী গৰাকীয়ে অতুল বৰাক উপস্থিত থকাৰ বাবে জনোৱা আমন্ত্ৰণ একেমুখে প্ৰত্যাখ্যান কৰে দিছপুৰৰ বিধায়ক গৰাকীয়ে ৷এই কথা সদনত উপস্থাপন কৰি সকলোৱে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় ৷

একপ্ৰকাৰ আজি সদনত শাসকীয় বিধায়ক জনে বিৰোধী বিধায়কৰ দৰে সৰৱ ভূমিকা লোৱাক লৈ বিশেষ চৰ্চা লাভ কৰিছে বিধানসভা চৌহদত ৷

Exit mobile version