Panchayat Amendment Bill Passed In Assam Assembly:বিধানসভাত গৃহীত হ’ল পঞ্চায়ত সংশোধনী বিধেয়ক

বিধেয়ক নিৰ্ধাৰণ কৰা হয় প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা 

pancyat election

Panchayat Amendment Bill Passed In Assam Assembly:

সকলো উৎকণ্ঠাৰ অন্ত পেলাই অসম বিধানসভাত গৃহীত হ’ল পঞ্চায়ত সংশোধনী বিধেয়ক ২০২৩। সদনত পঞ্চায়ত সংশোধিত আইন অনুসৰি ৰাজ্যত অনুষ্ঠিত হ’ব ঞ্চায়ত নিৰ্বাচন ৷

আজি সদনত গৃহিত পঞ্চায়ত সংশোধিত আইন অনুসৰি এতিয়াৰ পৰা ৱাৰ্ড সদস্যৰ দ্বাৰাই নিৰ্বাচিত হ’ব গাঁও পঞ্চায়তৰ সভাপতি।

আনহাতে পঞ্চায়ত নিৰ্বাচনৰ ৱাৰ্ড সদস্যৰ নিৰ্বাচনত নাথাকিব দলীয় প্রতীক। একেদৰে আঢ়ৈ বছৰলৈকৈ নিৰ্বাচিত সভাপতিৰ বিৰুদ্ধে ৱাৰ্ড সদস্যই আনিব নোৱাৰিব অনাস্থা প্রস্তাৱ। এই সম্বন্ধীয় বিধি উল্লেখ আছে পঞ্চায়ত সংশোধনী বিধেয়ক ২০২৩ ত ৷

ইপিনে জিলা পৰিষদৰ সদস্যৰ ক্ষেত্রত প্রযোজ্য হ’ব এন্টি ডিফেকশ্বন । উল্লেখ্য যে,সংশোধনী অনুসৰি এতিয়াৰ পৰা পঞ্চায়ত নিৰ্বাচনত ব্যৱহাৰ নহ’ব বেলট পেপাৰ৷ ইয়াৰ পৰিৱৰ্তে ইভিএমত হ’ব পঞ্চায়ত নিৰ্বাচন।

মনকৰিবলগীয়া যে,পঞ্চায়ত সংশোধনী বিধেয়ক ২০২৩ত পঞ্চায়ত প্রাৰ্থীৰ বাবে শিক্ষাগত অৰ্হতা নিৰ্ধাৰণ কৰা হৈছে ।

সেই অনুসৰি জিলা পৰিষদ, আঞ্চলিক পঞ্চায়তৰ প্রাৰ্থী জনৰ অৰ্হতা হ’ব লাগিব উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ । আনহাতে গাঁও পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰৰ সদস্যৰ প্রাৰ্থীৰ শিক্ষাগত অৰ্হতা হ’ব মেট্ৰিক উত্তীৰ্ণ।

Exit mobile version