Reserve Clause Palashbari Police Station’s OC Rajeev Nath:বাসগৃহত শিশু শ্ৰমিক ৰখাৰ অভিযোগত ৰিজাৰ্ভ ক্ল’জ পলাশবাৰীৰ থানাৰ অ’চি ৰাজীৱ নাথক

oc reserve close

Reserve Clause Palashbari Police Station’s OC Rajeev Nath:

অসম আৰক্ষীৰ একাংশ বিষয়া – কৰ্মচাৰীৰ কেতবোৰ অসামাজিক কৰ্মকাণ্ডই আৰক্ষীক কলংকিত কৰাৰ পাছত পুনৰ আৰু এজন আৰক্ষী বিষয়াই আৰক্ষীৰ খাকী পোচাকত লগাই দাগ ৷

নিজ বাসগৃহত শিশু শ্রমিক ৰখাৰ অপৰাধত পলাশবাৰী আৰক্ষী থানাৰ অ’চি ৰাজীৱ নাথক ৰিজাৰ্ভ ক্ল’জ কৰে কামৰূপ গ্ৰাম্যৰ এছ পিয়ে।

উল্লেখ্য যে এটা বেচৰকাৰী সন্থাই আৰক্ষী বিষয়াজনে শিশু শ্ৰমিক আইন উলংঘা কৰি নিজৰ চৰকাৰী আবাসগৃহত বিগত পাঁচবছৰ ধৰি বনকৰা হিচাপে নিয়োজিত কৰি ৰাখিছিল এটি শিশু ৷

পৰৱৰ্তী সময়ত এই সম্পৰ্কীয় অভিযোগ বেচৰকাৰী সন্থাটোৱে এছ পি ওচৰত দাখিল কৰিছিল। অৱশেষত এছ পিৰ নিদেৰ্শত ৰিজাৰ্ভ ক্লজ কৰা হয় অ’চি ৰাজীৱ নাথক ৷

Exit mobile version