Assam Police Crime Branch Raid Against Cyber Criminal:মহানগৰীত চাইবাৰ অভিযুক্ত আৰু ভুৱা কল চেন্টাৰৰ বিৰুদ্ধে মহানগৰ আৰক্ষীৰ মাৰাথ অভিযান

এ বি চিৰ জুপিতাৰ পেলেচৰ পৰা আটক পাঁচজন চাইবাৰ অপৰাধী, ক্ৰমাৎ আটকাধীনৰ তালিকা দীঘলীয়া গৈ আছে

cyber crime 1

Assam Police Crime Branch Raid Against Cyber Criminal:

ভুৱা কল চেন্টাৰৰ জৰিয়তে প্ৰৱঞ্চনা কৰি অহা প্ৰৱঞ্চক চক্ৰৰ বিৰুদ্ধে মহানগৰ আৰক্ষীয়ে বৃহস্পতিবাৰৰ পৰা অব্যাহত ৰখা অভিযান বৰ্তমানেও চলি আছে মহানগৰীৰ ভিন্নস্থানত ৷

শুক্ৰবাৰে নিশা মহানগৰীৰ এ বি চিস্থ জুপিতাৰ পেলেচৰ এটা কল চেণ্টাৰত আৰক্ষী আৰু অপৰাধ শাখাই অৰ্তকিতে অভিযান চলাই পাঁচজন লোকক আৰক্ষীয়ে আটক কৰিছে৷

উল্লেখ্য যে,কল অৰিন্দম সিনহা নামৰ লোকজনে দীৰ্ঘদিন ধৰি এই কল চেণ্টাৰটোত কৰি আছিল কাম । ইতিমধ্যে আৰক্ষীয়ে কল চেন্টাৰটোত তালাচী চলাই বহু নথিপত্ৰ জব্দ কৰাৰ লগতে চেন্টাৰটোৰ তথ্যৰ ভিত্তিত আৰক্ষীয়ে যুগুত কৰিছে এখন দীঘলীয়া তালিকা ৷

এই তালিকাৰ ভিত্তিত আৰু বহু যুৱক- যুৱতীক আৰক্ষীয়ে সোধপোছ বাবে আটক কৰাটো নিশ্চিত হৈ পৰিছে ৷

স্মতৰ্ৱ্য যে,মহানগৰীত কাঠ ফুলাৰ দৰে গঢ়ি উঠা একাংশ কল চেন্টাৰে ৰাইজক আভুৱা ভৰি চলাই আহিছে লুন্ঠন ৷

ভুৱা কল কৰি বহুলোকক লুণ্ঠন চলোৱাৰ বিৰুদ্ধে সময়ে সময়ে পোৱা অভিযোগৰ ভিত্তিত শুক্ৰবাৰে পুৱাৰে পৰা মহানগৰ আৰক্ষী আৰু ক্রাইম ব্রাঞ্চে মহানগৰীৰ আঠটা স্থানত চলাই অভিযান ৷

ইতিমধ্যে আৰক্ষীয়ে অভিযানত বহু গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আনে আৰক্ষীয়ে ৷ গুৱাহাটীৰ কেতবোৰ কল চেন্টাৰৰ লগতে ৰাজগড়ৰ এটা কলচেন্টাৰত চলিছে এই অভিযান।

উল্লেখ্য যে , উত্তৰ প্ৰদেশৰ নয়ডাৰ পৰা পৰিচালিত হোৱা ৰাজগড়ৰ কল চেণ্টাৰটোৰ স’তে নাম সাঙোৰ খাইছে প্ৰাক্তন ভাৰতীয় প্ৰশাসনিক বিষয়া আতিকা ৰহমানৰ পুত্ৰ তছদিকুৰ ৰহমান।

বৃহস্পতিবাৰে নিশা ভাগত ক্রাইম ব্রাঞ্চ-মহানগৰ আৰক্ষীৰ প্ৰাক্তন আই এএছ বিষয়া গৰাকীৰ গান্ধীবস্তুিৰ বাসগৃহত অভিযান চলাইছিল যদিও আৰক্ষী অহাৰ পূৰ্বে পলায়ন কৰে তছদিকুৰ ৰহমান ৷

আৰক্ষীৰ এই মাৰাথন অভিযান সন্দৰ্ভত গুৱাহাটী মহানগৰ আৰক্ষীৰ আয়ুক্ত দিগন্ত বৰাই এক সংবাদমেল সম্বোধন কৰি উল্লিখিত মন্তব্য সদৰি কৰে ৷

আয়ুক্ত গৰাকীয়ে কয় , ভুৱা কল চেন্টাৰৰ কাণ্ডাৰী তথা চাইবাৰ অপৰাধী সকলৰ বিৰুদ্ধে বৃহস্পতিবাৰৰ পৰাই মহানগৰীৰ বামুণীমৈদাম,ৰাজগড়,গান্ধীবস্তী,বৰবাৰী সহ আঠ স্থানত চলিছিল আৰক্ষী- ক্ৰাইম বাঞ্চৰ অভিযান ৷
১৫ টা বিশেষ টিমৰ ২০০ আৰক্ষীয়ে অভিযান চলাই ইতিমধ্যে আটক কৰে ২৫০ জন অপৰাধীক ৷

আয়ুক্ত গৰাকীয়ে উল্লেখ কৰে যে,ৰাজগড়ৰ কল চেন্টাৰটোৰ কোনো নাম নাছিল ৷২১ গৰাকী কৰ্মচাৰীৰ ভিতৰত অসমীয়া কৰ্মচাৰী আছিল তিনি গৰাকী ৷ আন সকল আছিল উত্তৰ ভাৰতৰ কে’বা খনো ৰাজ্যৰ।

উল্লেখ্য যে, অসম আৰক্ষীৰ ক্ৰাইম বাঞ্চৰ টাৰ্গেট হৈ পৰিছে মহানগৰীৰ ভুৱা কল চেণ্টাৰ সমূহ ৷ আৰক্ষীৰ চাইবাৰ অপৰাধীৰ বিৰূদ্ধে অভিযান তীব্ৰতৰ হ’ব বুলি সদৰি কৰে আৰক্ষী আয়ুক্ত গৰাকীয়ে ৷
উল্লেখযোগ্য, মহানগৰীৰ একাংশ বৈধ – অবৈধ কল চেণ্টাৰে বিগত সয়মত অনলাইনৰ মাধ্যমেৰে দেশ-বিদেশৰ বহু সংখ্যক লোকক প্ৰৱঞ্চনা কৰাৰ অভিযোগ উত্থাপিত হৈছিল ।

পৰৱৰ্তী সময়ত এই অভিযোগৰ ভিত্তিতেই বিগত দুদিন ধৰি আৰক্ষী আৰু অপৰাধ শাখাই একাংশ বৈধ – অবৈধ কল চেন্টাৰৰ বিৰুদ্ধে যৌথ অভিযান অব্যহত ৰাখিছে।
ইতিমধ্যে আৰক্ষীয়ে উৎখাত কৰিছে প্ৰৱঞ্চকৰ এটা বৃহৎ দলক ৷ অনলাইনৰ মাধ্যমেৰে চাইবাৰ প্ৰৱঞ্চকৰ দলে যোৱা দুটাবৰ্ষত২ বছৰে বহু লোকৰ পৰা ধন সৰকাই আহিছিল।

ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তিনি চাইবাৰ অভিযুক্ত দিব্যঅৰোৰা,দেৱজ্যোতি দে আৰু ৰাজন চিদানাক ৷

আৰক্ষী আৰু অপৰাধ শাখাই আজিও মহানগৰীৰ ভিন্ন স্থানত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে মাৰাথন অভিযান অব্যাহত ৰাখিছে ৷

Exit mobile version