Eat Dark Chocolate To Increase Fertility:প্রজনন ক্ষমতা বৃদ্ধিৰ বাবে খাওক ডার্ক চকলেট

pagnency

Eat Dark Chocolate To Increase Fertility:

যৌৱনত পুৰুষৰ শৰীৰত টেষ্ট’ষ্টেন হৰম’ন যথেষ্ট পৰিমাণে নিৰ্গত হোৱা হেতুকে যৌন ক্ষমতা অটুট থকাৰ লগতে প্রজনন শক্তিও সবল হয়। কিন্তু বয়স প্রজনন ক্ষমতাও কমিবলৈ ধৰে। অতিৰিক্ত কি?,

বহুতে এই সমস্যাৰ পৰা সকাহ বৃদ্ধিৰ লগে লগে পুৰুষৰ শৰীৰত টেষ্ট’টেন হৰম’নৰ ক্ষৰণ হ্ৰাস পায় আৰু ইয়াৰ প্ৰভাৱত যৌন আকাংক্ষা আৰু মেদবহুলতাৰ ফলতো যৌনকাংক্ষা হ্রাস পাব পাৰে। ইয়াৰ লগতে বয়স বৃদ্ধিৰ ফলত পুৰুষৰ শীঘ্ৰ পতনৰ সমস্যাই দেখা দিব পাৰে। যৌন ক্ষমতা হ্রাস পালে উপায় পাবলৈ ভায়েগ্নাৰ দৰে যৌন শক্তি বর্ধকৰ ব্যৱহাৰ কৰে।

কিন্তু গৱেষকসকলৰ মতে, যৌন শক্তি বৃদ্ধি কৰা ঔষধৰ পৰিৱৰ্তে ডার্ক চক’লেট খায়ো যৌন সমস্যাৰ পৰা সকাহ লাভ কৰিব পাৰি।

গৱেষণামূলক অধ্যয়নত প্ৰকাশ পোৱা তথ্য অনুসৰি ডার্ক চক’লেট খোৱাৰ ফলত পুৰুষৰ শৰীৰত শুক্রাণুৰ কাৰ্যক্ষমতা বহুখিনি বৃদ্ধি পায়। ডার্ক চকলেটত এমিন’ এচিড, এল-আর্জিনিন এইছ চি এল পর্যাপ্ত পৰিমাণত থাকে আৰু এইবোৰ এচিডে শুক্রাণুৰ সংখ্যা বৃদ্ধি কৰে।

পুৰুষৰ বন্ধ্যাত্ম সমস্যা আঁতৰ কৰাৰ ক্ষেত্ৰত ডার্ক চকলেট যথেষ্ট সহায়ক হ’ব পাৰে। ডার্ক চক’লেটত প্ৰচুৰ পৰিমাণত এণ্টি-অক্সিডেন্ট নিহিত থকাৰ ফলত এই চক’লেট খালে যৌন উত্তেজনা বৃদ্ধি পায়। গৱেষণামূলক অধ্যয়নত প্ৰকাশ পোৱা মতে, নিয়মীয়াকৈ যিসকল পুৰুষে ডার্ক চকলেট খায়, তেওঁলোকৰ যৌন ক্ষমতা আন পুৰুষৰ তুলনাত অধিক হয়।

ডার্ক চক’লেটে মস্তিষ্কৰ কাৰ্যক্ষমতা বৃদ্ধিতো সহায় কৰে। আপুনি যদি শুক্রাণু হ্রাস আৰু যৌন উত্তেজনা হ্ৰাসৰ সমস্যাত ভুগিছে, তেনে ঔষধৰ পৰিৱৰ্তে নিয়মীয়াকৈ ডার্ক চক’লেট খোৱাৰ অভ্যাস গঢ়ি তোলক।

এতিয়াৰে পৰা সাধাৰণ মিল্ক চকলেট পৰিৱৰ্তে ডার্ক চকলেট খাবলৈ আৰম্ভ কৰিলে বয়স বৃদ্ধিৰ পাছতো আপুনি যৌনতাৰ দিশত নিজক অধিক সক্রিয় কৰি ৰখাৰ লগতে প্রজনন ক্ষমতাও বৰ্তাই ৰাখিবলৈ সক্ষম হ’ব।

Exit mobile version