Senior Journalist Hemen Das :দৈনিক অগ্ৰদূতৰ জ্যেষ্ঠ সাংবাদিক হেমেন কুমাৰ দাসক নগাঁৱৰ সংবাদ ৰত্ন বঁটা প্ৰদান অসম ৰাজ্যিক সাংবাদিক সন্থাৰ

"বঁটা প্ৰাপ্তিয়ে পূৰ্ণতা নানে দায়িত্বশীলহে কৰি তোলে"

WhatsApp Image 2023 09 17 at 7.04.49 PM

Senior Journalist Hemen Das :

অসম ৰাজ্যিক সাংবাদিক সন্থাৰ নগাঁও জিলা সমিতিৰ অধিৱেশনত আজি নগাঁও জিলাৰ জ্যেষ্ঠ সাংবাদিক হেমেন কুমাৰ দাসক ২০২২-২০২৩ বৰ্ষৰ নগাঁৱৰ সংবাদ ৰত্ন বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়।

নগাঁও চহৰৰ এছ আৰ কে ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত অনুষ্ঠিত সন্থাৰ অধিৱেশনত দাসক সতীৰ্থ সাংবাদিকৰ বিপুল হাত চাপৰিৰ মাজেৰে এই বঁটা প্ৰদান কৰে সাপ্তাহিক কলংপাৰ কাকতৰ মুখ্য সম্পাদক গুৰুমাইল সিং আৰু অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সম্পাদক প্ৰদীপ ডেকাই।

এই বঁটাত আছে এটি স্মাৰক,মানপত্ৰ,ফুলাম জাপি, গামোচা আৰু চেলেং। নগাঁৱৰ সংবাদ ৰত্ন বঁটা গ্ৰহণ কৰি জ্যেষ্ঠ সাংবাদিক হেমেন কুমাৰ দাস কয়,”মই জীৱনত কেতিয়াও বঁটা -বাহন, পুৰষ্কাৰ আদিৰ আশাত কোনো কাম কৰা নাই ।

জীৱনৰ তিনিটা দশকৰো অধিক কাল সাংবাদিকতা কৰিলো কিন্তু এই বঁটা বাহনৰ আশা আগত ৰাখি সাংবাদিকতা কৰা নাই। সামাজিক দায়বদ্ধতাকহে প্ৰাধান্য দি সাংবাদিকতা কৰিছো। কিমান সফল হৈছো বা কিমান বিফল হৈছো সেইয়া ৰাইজে বিচাৰ কৰিব। কিন্তু সততা আৰু সামাজিক দায়বদ্ধতাক বিসৰ্জন দি কাহানিও সাংবাদিকতা কৰা নাই।”

দাসে আৰু কয়,”বঁটা প্ৰাপ্তিয়ে কৰ্মক্ষেত্ৰত পূৰ্ণতা নানে। বৰঞ্চ বঁটা প্ৰাপ্তিয়ে কৰ্মৰ প্ৰতি অধিক সচেতন আৰু দায়িত্বশীল কৰি তোলে । আগতে সাংবাদিক আছিলো।এতিয়া অসম ৰাজ্যিক সাংবাদিক সন্থাই সংবাদ ৰত্ন বঁটা দিছে। এতিয়া আৰু অধিক সজাগ -সচেতন হ’ব লাগিব।”

সাংবাদিক সকলক উদ্দেশ্যি নগাঁৱৰ সংবাদ ৰত্ন বঁটা প্ৰাপক জ্যেষ্ঠ সাংবাদিক দাসে কয়,”সাংবাদিক সকলৰ উদ্দেশ্য সৎ হোৱা উচিত । সততা আৰু সামাজিক দায়বদ্ধতা নাথাকিলে সাংবাদিকতাৰ জগত খনলৈ নহাই ভাল।তেনে লোকো বহুত এই ক্ষেত্ৰ খনত আছে। কিন্তু তেওঁ লোকে প্ৰাপ্তিৰ পৰা বঞ্চিত হ’ব লগা হয়।

ধনৰ লালসাত সাংবাদিকতা কৰা সকলৰ নাম ক্ষেত্ৰ খনৰ পৰা মচ খাবলৈ সৰহ দিন নালাগিব।” সাংবাদিকৰ সমন্বয়ৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি দাসে কয়,”তাহানিতে সংবাদপত্ৰ আৰু সাংবাদিকৰ সংখ্যা নগন্য আছিল। সাংবাদিক সংগঠনৰ সংখ্যাও আঙুলিৰ মূৰত লেখিব পৰা আছিল। তেতিয়া সাংবাদিকৰ মাজত সমন্বয়ৰ অভাৱ হোৱা নাছিল।

এতিয়া সংবাদ প্ৰতিষ্ঠান -সাংবাদিক বৃদ্ধি পালে কিন্তু সমন্বয় হ্ৰাস পালে। অজস্ৰ সাংবাদিক সংগঠনৰ জন্ম হ’ল। ঐক্যবদ্ধহীনতাই সাংবাদিকক দুৰ্বল কৰিছে।লগতে প্ৰাপ্যৰ পৰাও বঞ্চিত হৈছে। সাংবাদিক সংগঠন সমূহে প্ৰাপ্যৰ বাবে ঐক্যবদ্ধ ভাৱে যুঁজ দিব লাগিব।”

অসম ৰাজ্যিক সাংবাদিক সন্থাৰ নগাঁও জিলা সমিতিৰ সভাপতি ইন্দ্ৰেশ্বৰ নাথৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত কলংপাৰ কাকতৰ মুখ্য সম্পাদক গুৰুমাইল সিং,অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সম্পাদক প্ৰদীপ ডেকা, সমাজকৰ্মী -শিক্ষক মৃগাংক বৰা, জ্যেষ্ঠ সাংবাদিক -লেখক মোলান লস্কৰ আদিয়েও ভাষণ দিয়ে।

প্ৰতি গৰাকী বক্তাই সাংবাদিকৰ বিভিন্ন সমস্যা আৰু ইয়াৰ সমাধানৰ উপায় সন্দৰ্ভত তত্বগধুৰ ভাষণ দিয়ে। সাংবাদিক গুৰুমাইল সিঙে কয়যে, এতিয়া দেশৰ সাংবাদিক সকলে জটিল সময় পাৰ কৰিছে । এই জটিলতাক নেওচি সাংবাদিক সকল আগুৱাই যাব লাগিব।

ইপিনে,এই সভাতেই প্ৰতিদিন টাইম নিউজ চেনেলৰ নগাঁৱৰ সাংবাদিক বীৰেণ বৰাক অসম ৰাজ্যিক সাংবাদিক সন্থাৰ নগাঁও জিলা সমিতিয়ে ২০২২-২০২৩বৰ্ষৰ কলংপৰীয়া যুৱ সাংবাদিকতা বঁটা আৰু বিশিষ্ট সমাজকৰ্মী চিৰাজ উদ্দিন আহমেদকো সমাজকৰ্মী বঁটা প্ৰদান কৰে। দুয়ো গৰাকী বঁটা প্ৰাপকেই চমু বক্তব্য প্ৰদান কৰে।

Exit mobile version