Today Prime Minister Narendra Modi’s Birthday:আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ওপজাদিন

narendra modi

Today Prime Minister Narendra Modi’s Birthday:

দেওবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ওপজা দিন। ১৯৫০ চনৰ ১৭ ছেপ্তেম্বৰত জন্মগ্ৰহণ কৰা প্ৰধানমন্ত্ৰী গৰাকীয়ে আজি ভৰি দিলে ৭৪ ত ৷

জীৱনৰ ৭৩টা বসন্ত অতিক্ৰম কৰি আজি ৭৪ত ভৰি দিলে ৷ প্ৰধানমন্ত্ৰী গৰাকীৰ ওপজা দিনটোত ভাৰতীয় জনতা পাৰ্টিয়ে দুসপ্তাহ যোৰা’সেৱা পষেক’ পালন কৰিব সমগ্ৰ দেশজুৰি ৷ আনহাতে প্ৰধানমন্ত্ৰীগৰাকীৰ জন্মদিন উপলক্ষে ভিন্নজনে জনাইছে শুভেচ্ছা।

ইফালে নতুন দিল্লীস্থ বিজেপিৰ মুখ্য কাৰ্যালয়ত আয়োজন কৰা হৈছে এক বিশেষ অনুষ্ঠানৰ।

প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্য গুজৰাটত ৰাজ্য চৰকাৰ খনে প্ৰধান মন্ত্ৰী গৰাকীৰ জন্মদিনৰ লগত ৰজিতা খুৱাই ৰাজ্যখনৰ ৩০ হাজাৰ ছাত্ৰীৰ বাবে মুকলি কৰা হ’ব বেংক একাউণ্ট।

ইয়াৰ জৰিয়তে ৩০ হেজাৰ ছাত্ৰীক ‘সুকন্যা সম্বৃদ্ধি যোজনা’ত অন্তৰ্ভুক্ত কৰাৰ বাবে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে গুজৰাটৰ বিজেপি চৰকাৰে ৷

আনহাতে সামাজিক মাধ্যমযোগে প্ৰধানমন্ত্ৰীক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন ৰাহুল গান্ধীৰ
ইপিনে জন্মদিন উপলক্ষে প্ৰধানমন্ত্ৰী গৰাকীয়ে দিল্লী মেট্ৰ’ত চফৰ কৰি যাত্ৰীসকলৰ সৈতে কৰে মতবিনিময় ।

Exit mobile version