Nalbari JNV Raging Incident:
নলবাৰীৰ জৱাহৰ নৱোদয় বিদ্যালয়ৰ ছাত্ৰাৱাসত ৯ ছেপ্তেম্বৰত সংঘটিত হোৱা ৰেগিং কাণ্ডৰে জড়িত থকা আঠ অভিযুক্ত ছাত্ৰক অৱশেষত কৰ্তৃপক্ষই নিলম্বন কৰি ছাত্ৰাৱাস ত্যাগ কৰিবলৈ নিৰ্দেশনা জাৰি কৰে ৷
উল্লেখ্য যে,৯ ছেপ্তেম্বৰৰ নিশা জে এন বিৰ ছাত্ৰাবাসত পাঁচজনকৈ দশম শ্ৰেণীৰ ছাত্ৰক দ্বাদশ শ্ৰেণীৰ ছাত্ৰই অতি নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল । বাঁহ- লাঠিৰ উপযুপৰি প্ৰহাৰত গুৰুত্বৰভাৱে আহত হৈ চিকিৎসাধীন হ’বলগীয়া হয় নিৰীহ ছাত্ৰ কেইজন ৷
জ্যেষ্ঠ ছাত্ৰৰ প্ৰহাৰত কনিষ্ঠ ছাত্ৰ আঘাতপ্ৰাপ্ত বিষয়টো কৰ্তৃপক্ষই গাপ দিবলৈ বিছাৰিছিল যদিও পাছত ১৫ ছেপ্তেম্বৰত অতি কৌশলৰে কৰ্তৃপক্ষই অৱগত কৰে অভিভাৱকক ৷
ইতিমধ্যে নলবাৰী জৱাহৰ নবোদয়ত কনিষ্ঠ ছাত্ৰক জ্যেষ্ঠ ছাত্ৰই গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰা বিষয়টো বিভিন্ন মাধ্যমত সবিস্তাৰে প্ৰকাশ পোৱাৰ পাছতে থৰকাছুটি হেৰুৱাই কৰ্তৃপক্ষই ৷
আনকি আঘাতপ্ৰাপ্ত ছাত্ৰ পাঁচজনৰ অভিভাৱককে সমস্ত বিষয়টো কৰ্তৃপক্ষ আৰু নলবাৰী জিলা আয়ুক্তক অৱগত কৰে ৷
আনহাতে এই বিষয়টোক গুৰুত্ব সহকাৰে লয় ডিজিপি জি পি সিঙে ৷ তৎকালীনভাৱে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে এছ পিক ৷
ইতিমধ্যে বুধবাৰে এএছপি এজনৰ নেতৃত্বত গঠন কৰি দিয়া বিশেষ তদন্তকাৰী দলে আজি দুপৰীয়া ভাগত নলবাৰী জৱাহৰ নবোদয় বিদ্যালয়ত উপস্থিত হৈ সমস্ত বিষয়টোৰ সন্দৰ্ভত কৰ্তৃপক্ষৰ পৰা তথ্য সংগ্ৰহ কৰে ৷
ইয়াৰ পাছতে তৎপৰ হৈ পৰে জে এন বি কৰ্তৃপক্ষই ৷ তৎকালেই কাৰ্যকৰী হোৱাকৈ ৰেগিঙত জড়িত আঠ অভিযুক্ত ছাত্ৰক নিলম্বন কৰাৰ লগতে ছাত্ৰাবাস ত্যাগ কৰাৰ নিৰ্দেশ দিয়ে কৰ্তৃপক্ষই ৷
উল্লেখযোগ্য যে,অভিযুক্ত আঠ ছাত্ৰই শিক্ষক দিৱসৰ বিশেষ কাৰ্যসূচীত দশম শ্ৰেণীৰ পাঁচজন ছাত্ৰই সহযোগিতা নকৰাৰ বাবেই প্ৰহাৰ কৰাৰ কথা কৰ্তৃপক্ষৰ আগত স্বীকাৰ কৰিছিল ৷