Sonia Gandhi Speech In Loksabha:লোকসভাৰ বিশেষ অধিৱেশনৰ আজি তৃতীয় দিন

নাৰী শক্তি বন্দন বিধেয়কক সমৰ্থন কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীৰ, মহিলাৰ আসন সংৰক্ষণ সন্দৰ্ভত ছোনিয়া গান্ধীৰ সমৰ্থনসূচক ভাষণ

sonia gandhi

Sonia Gandhi Speech In Loksabha:

ৰাজীৱ গান্ধীৰ সপোন আছিল মহিলা সংৰক্ষণ বিধেয়ক’ ৷ এই বিধেয়ক গৃহিত হ’লে ৰাজীৱ গান্ধীৰ সপোন সঁচা হ’ব। -এই মন্তব্য প্ৰকাশ কৰে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীৰ

মঙলবাৰে লোকসভাৰ বিশেষ অধিৱেশনত কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুনৰাম মেঘৱালে সদনত উদ্থাপন কৰে মহিলা সংৰক্ষণ বিধেয়ক ৷

আজি লোকসভাত মহিলা সংৰক্ষণ বিধেয়ক বিতৰ্কত ভাগ লোৱাৰ পূৰ্বে উল্লিখিত মন্তব্য ছোনিয়া গান্ধীৰ ।

বুধবাৰে সংসদত উত্থাপিত মহিলা সংৰক্ষণ বিধেয়ক সন্দৰ্ভত কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধীয়ে বিৰ্তকত অংশগ্ৰহণ কৰে ৷

উল্লেখ্য যে, ইয়াৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে মঙলবাৰে নাৰী শক্তি বন্দন অধিনিয়ম প্ৰৱৰ্তন কৰি লোকসভা আৰু ৰাজ্যিক বিধানসভাত মহিলাসকলৰ বাবে ৩৩% আসন সংৰক্ষণৰ প্ৰস্তাৱ অনুমোদন জনাইছিল।

মনকৰিবলগীয়া যে, মনমোহন সিঙৰ নেতৃত্বত ইউপিএ চৰকাৰে ২০০৮ চনত ৰাজ্যসভাত মহিলা সংৰক্ষণ বিধেয়ক উত্থাপন কৰি ২০১০ চনত গৃহীত কৰিছিল।

কিন্ত শেহতীয়াকৈ বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে ২০১৪ আৰু ২০১৯ৰ লোকসভা নিৰ্বাচনীৰ প্ৰতিশ্ৰুতি মৰ্মে বিধেয়কখন লোকসভাতো গৃহীত কৰিবলৈ কেবিনেট বৈঠকযোগে অনুমোদন জনায়।

আনহাতে আপৰ সাংসদ তথা জ্যেষ্ঠ নেতা সঞ্জয় সিঙে মহিলা সংৰক্ষণ বিধেয়ক সন্দৰ্ভত কেতবোৰ গুৰুত্বৰ অভিযোগ উদ্থাপন কৰে৷ সাংসদ গৰাকীয়ে মোদী চৰকাৰক টাৰ্গেট কৰি কয়, ‘এয়া মহিলা সংৰক্ষণ বিধেয়ক নহয়, মহিলাক বুৰ্বক সজোৱা বিধেয়ক। মোদী চৰকাৰৰ নতুন ‘জুমলা’। এই বিধেয়কখন ২০২৯ চনৰ পাছতো প্ৰযোজ্য নহ’ব’।

প্ৰধানমন্ত্ৰীৰ উদ্দেশ্য যদি সৎ ২০২৪তে বিধেয়কখন কাৰ্যকৰীকৰণৰ কৰক, অন্যথা মহিলাসকলক প্ৰতাৰণা কৰা বন্ধ কৰক।’ নাৰী শক্তি বন্দন বিধেয়কক এইদৰে তীক্ষ্ণ সমালোচনাৰে থকাসৰকা কৰে সঞ্জয় সিঙে

 উল্লেখ্য যে,আজি বিধেয়ক খনৰ সমৰ্থনত কংগ্ৰেছ,টিএমচি ডিএম কে সহ বহু কেইটা ‘ইণ্ডিয়া’সহযোগী দলৰ সাংসদে বিধেয়ক খনৰ সমৰ্থনত বক্তব্য ৰাখি বিধেয়ক খন তৎকালেই গৃহিত কৰিবলৈ চৰকাৰক আহ্বান জনায়।

Exit mobile version