Heavy Rainfall In Most Districts From September 20 To September 22:ৰাজ্যত প্ৰৱল বৃষ্টিপাতৰ আশংকা

২০ ছেপ্টেম্বৰৰ পৰা ২২ ছেপ্টেম্বৰলৈ অসমৰ অধিকাংশ জিলাত ধাৰাষাৰ বৰষুণ দিয়াৰ সম্ভাৱনা, বতৰ বিজ্ঞান কেন্দ্ৰৰ অসম আৰু মেঘালয়ত জাৰি অৰেঞ্জ এলাৰ্ট

regional Meteorological Centre 1

Heavy Rainfall In Most Districts From September 20 To September 22:

ৰাজ্যত নেৰানেপেৰা বৰষুণ দিয়াৰ সম্ভাৱনা । ২০ ছেপ্টেম্বৰৰ পৰা ২২ ছেপ্টেম্বৰলৈ অসম আৰু মেঘালয়ত বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে অৰেঞ্জ এলাৰ্ট ।

উল্লেখ্য যে,বিগত তিনিদিন ধৰি ৰাজ্যৰ অধিকাংশ জিলাত অব্যাহত আছে মুষলধাৰ বৰষুণ ৷ অসম সহ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায়বোৰ অঞ্চলতে নেৰানেপেৰা বৰষুণ দিয়াৰ সম্ভাৱনা ব্যক্ত কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ৷ ইতিমধ্যে বতৰক লৈ জাৰি কৰিছে সতৰ্কতা ৷ অসম আৰু মেঘালয়ত জাৰি কৰিছে অৰেঞ্জ এলাৰ্ট

২২, ২৩ আৰু ২৪ ছেপ্টেম্বৰলৈ অসম আৰু চুবুৰীয়া ৰাজ্য কেইখনৰ কেতবোৰ অঞ্চলত পাতলীয়া বৰষুণ দিয়াৰ সমান্তৰালকৈ বিজুলী-ঢেৰেকনিৰ সৈতে প্রবল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে ৷

আনহাতে ৰাজ্যৰ কোকোৰাঝাৰ,ধুবুৰী,চিৰাঙ,বঙাইগাঁও,গোৱালপাৰা,বৰপেটা,বাক্সা,নলবাৰী,কামৰূপ মহানগৰ,শোণিতপুৰ পশ্চিম কাৰ্বি আংলং,ডিমা হাচাও,কাছাৰ ,কৰিমগঞ্জ,হাইলাকান্দি,পূৱ কাৰ্বি আংলং,গোলাঘাট,ধেমাজী,ডিব্ৰুগড়,শিৱসাগৰ,চৰাইদেও,তিনিচুকীয়াত মুষলধাৰ বৰষুণ দিয়াৰ বিপৰীতে বৰপেটা, নলবাৰী, বাক্সা, ধুবুৰী, বঙাইগাঁৱত ২৪ ছেপ্টেম্বৰলৈ ধাৰাসাৰ বিজুলী ঢেৰেকনিৰে ধাৰাষাৰ বৰষুণ দিয়াৰ আশংকা কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ৷

একেদৰে মধ্য অসমৰ নগাঁও,মৰিগাঁও আৰু হোজাইতে বিজুলী,ঢেৰেকনিৰে মজলীয়া বৰষুণ দিয়াৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে ৷

Exit mobile version