state Bjp Sporksperson PressMeet:লুৰিণৰ এক অসম যাত্ৰা এক হাস্যকৰ কাৰ্যসূচী:লক্ষ্য কোঁৱৰ

lakhya

State Bjp Sporksperson PressMeet:

অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ধুবুৰীৰ পৰা শদিয়ালৈ আজি আৰম্ভ কৰা “এক অসম যাত্ৰা”ক এক হাস্যকৰ কাৰ্যসূচী বুলি অভিহিত কৰিছে বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ লক্ষ্য কোঁৱৰে

আজি বিজেপিৰ ৰাজ্যিক কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত সংবাদ মাধ্যমক সম্বোধন কৰি মুখপাত্ৰ কোঁৱৰে কয় যে লুৰিণজ্যোতি গগৈৰ এই যাত্ৰা সম্পূৰ্ণ ৰাজনৈতিক উদেশ্যপ্ৰণোদিত আৰু জনপ্ৰিয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন কল্যাণকামী ৰাজ্য চৰকাৰখনৰ বিৰুদ্ধে অপপ্ৰচাৰৰ এক অংশ হিচাপে বিবেচিত হৈছে।

যি সময়ত ৰাজ্য চৰকাৰে অসমৰ সৰু বৰ সকলো জনগোষ্ঠীক সামৰি একত্ৰিত ভাৱে আগবাঢ়িছে তেনে সময়ত চৰকাৰখনক বিভাজনমুখী বুলি অভিহিত কৰাটো গৰিহণাযোগ্য।মহাবীৰ লাচিত বৰফুকন, বিশ্ববীৰ চিলাৰায়কে ধৰি প্ৰতিটো জাতি জনগোষ্ঠীৰ বীৰ বীৰংগণাক এই চৰকাৰখনে ৰাষ্ট্ৰীয় আন্তৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰি উপযুক্ত মৰ্যদা প্ৰদান কৰিছে।

ইয়াৰ বিপৰীতে লুৰিণজ্যোতি গগৈৰ দৰে নেতা নিতৌ অবৈধ বাংলাদেশী মুছলমান নাগৰিকৰ ত্ৰাণকৰ্তাৰ ৰূপত অৱতীৰ্ণ হৈ আহিছে আৰু সেইবাবেই “এক অসম যাত্ৰা” আৰম্ভ হৈছে ধুবুৰীৰ পৰা।

Exit mobile version