Arunachal Pradesh:অৰুণাচল প্ৰদেশৰ খেলুৱৈক চীনে নিদিলে ভিছা !

এছিয়ান গেমছত অংশলোৱাৰ ভ্ৰমণ সূচী বাতিল ক্ৰীড়ামন্ত্ৰী অনুৰাগ ঠাকুৰৰ

asian games 1

Arunachal Pradesh:

চুবুৰীয়া দেশ চীনৰ হাংঝৌত শনিবাৰৰ পৰা অনুষ্ঠিত হ’ব ১৯ সংখ্যক এছিয়ান গেমছ

বিভিন্ন ইভেণ্টত অংশগ্ৰহণ কৰিবলগীয়া ভাৰতীয় খেলুৱৈ সকল বৃহস্পতিবাৰে ৰাওনা হয় চীনলৈ। ভাৰতীয় দলত স্থান লাভ কৰা অৰুণাচল প্ৰদেশৰ তিনি উশ্বু খেলুৱৈক এছিয়ান গেমছত অংশলোৱাত বাধাআৰোপ কৰাৰ লগতে ভিছা দিয়াৰ পৰা বিৰত আছে চীনা বৈদেশিক মন্ত্ৰণালয় ৷

অৰুণাচল প্ৰদেশৰ তিনি উশ্বু খেলুৱৈ হ’ল অনিল টেগা , মেপুংগ লামগু আৰু নাইমান ৱাংচু, । উল্লেখ্য যে,শনিবাৰৰ পৰা আৰম্ভ হ’বলগীয়া এছিয়ান গেমছত যোগদান বাবে এই তিনিগৰাকী খেলুৱৈ সাজু হৈছিল যদিও মুৰকত চীনা চৰকাৰে নিদিলে ভিছা

উল্লেখ্য যে,হাংঝৌ এছিয়ান গেমছ আয়োজক সমিতিয়ে ইতিমধ্যে প্ৰতি গৰাকী ভাৰতীয় খেলুৱৈৰ স্বীকৃতি কাৰ্ড প্ৰেৰণ কৰিছিল ৷ এই স্বীকৃতি পত্ৰ ভিছাৰ দৰে কাম কৰে ৷ সকলো খেলুৱৈ প্ৰয়োজনীয় নথি আপলোড কৰিব লাগে ৷ পৰৱৰ্তী সময়ত চীনত উপস্থিত হ’লেই সেইয়া সকলো পৰীক্ষা কৰি খেলুৱৈ সকলক বিমানকোঠৰ পৰা যাব দিয়া হয় ৷

কিন্ত অৰুণাচলৰ খেলুৱৈ তিনি গৰাকীয়ে ডাউনলোড কৰিও প্ৰয়োজনীয় নথি লাভ নকৰিলে ৷ অৰ্থাৎ চীন চৰকাৰে প্ৰয়োজনীয় স্বীকৃতি পত্ৰ দিয়াত বিলম্ব কৰি  অতি কৌশলৰে বিৰত থাকে ৷

আনকি তিনিও খেলুৱৈ আজি নতুন দিল্লী বিমানবন্দৰলৈ গৈছিল যদিও চীনৰ পৰা প্ৰয়োজনীয় সেউজ সংকেত নোপোৱাত ভাৰতীয় খেলুৱৈ সকলে তেওঁ লোকক এয়াৰপৰ্টত এৰি চীন অভিমুখে উৰা মাৰে ৷ অতি দুৰ্ভাগ্যজনকভাৱে এছিয়ান গেমছত যোগদানৰ পৰা বঞ্চিত হ’ল তিনি অৰুণাচলী উশ্বু খেলুৱৈ ৷

ইতিমধ্যে তিনি অৰুণাচলী খেলুৱৈৱে কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুক সাক্ষাৎ কৰাৰ লগতে সমস্ত বিষয়টো ভাৰতীয় অলিম্পিক সন্থাৰ জৰিয়তে অৱগত কৰে এছিয়ান অলিম্পিক পৰিষদক ৷
অৱশ্যে কোনো ধৰণৰ আশানুৰূপ সহাৰী পোৱা নাই অৰুণাচলী খেলুৱৈ তিনি গৰাকী ৷

ইয়াৰ মাজতে শুক্ৰবাৰে ভাৰত চৰকাৰে এক বিবৃতিত চীন চৰকাৰে ইচ্ছাকৃতভাৱে ভাৰতীয় খেলুৱৈৰ বিৰুদ্ধে বৈষম্যমূলক আচৰণ কৰিছে বুলি মন্তব্য কৰি ১৯ সংখ্যক এছিয়ান গেমছত অৰুণাচল প্ৰদেশৰ ভাৰতীয় খেলুৱৈক প্ৰৱেশত বাধা দিয়াটো গৰিহণা যোগ্য বুলি অভিহিত কৰে ভাৰতীয় বৈদেশিক মন্ত্ৰণালয়ে ৷

Asianশেহতীয়া খবৰ অনুসৰি চীনৰ বৈষম্যমূলক আচৰণৰ বাবে কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী অনুৰাগ ঠাকুৰে বাতিল কৰে চীন ভ্ৰমণৰ কাৰ্যসূচী ৷ আজি চীন অভিমুখে যোৱাৰ কথা আছিল মন্ত্ৰী গৰাকীৰ ৷

উল্লেখ্য যে, ৰঙা চীনে সময়ে সময়ে অৰুণাচল প্ৰদেশ চীনৰ বুলি দাবী কৰি অহাৰ লগতে কিছুদিন পূৰ্বে ৰঙা চীনে প্ৰস্তুত কৰা মানচিত্ৰত অৰুণাচলৰ অংশ সন্নিৱিষ্ট কৰিছিল ৷

ইয়াৰ পাছতে ভাৰতে বেইজিংৰ এই কুটিল পদক্ষেপক তীব্ৰ সমলোচনা কৰাৰ লগতে প্ৰতিবাদ কৰে ৷

Exit mobile version