Doctor’s worst case with pregnant woman:গৰ্ভৱতী মহিলাৰ সৈতে চিকিৎসক নিকৃষ্ট কাণ্ড !

লম্পট চিকিৎসক আটক,তীব্ৰ প্ৰতিক্ৰিয়া

doctor arrested 1

Doctor’s worst case with pregnant woman:

ছাত্ৰীৰ গোপন অংশত হাত দি ইতিমধ্যে অৱসৰপ্ৰাপ্ত শিক্ষক ৰঙাঘৰৰ আলহী হোৱা ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই এইবাৰ চিকিৎসকে সংঘটিত কৰিছে জঘন্য কাণ্ড

স্বাস্থ্য পৰীক্ষা কৰিবলৈ অহা গৰ্ভৱতী মহিলাৰ স’তে কৰিলে লজ্জাজনক ঘটনা ৷
এই নিকৃষ্ট ঘটনা সংঘটিত হয় নগাঁও জিলাৰ কচুৱ থানাৰ অন্তুৰ্গত শিমলুগুৰিত।

প্ৰাপ্ত খবৰ অনুসৰি এগৰাকী চাৰিমহীয়া গৰ্ভৱতী মহিলাক আতিশয্য চলোৱাৰ অভিযোগ উদ্থাপন কৰে স্বয়ং গৰ্ভৱতী গৰাকীয়ে ৷

৷মঙলবাৰে গৰ্ভৱতী মহিলা এগৰাকীয়ে বাৰপুজীয়া খণ্ড প্ৰাথমিক চিকিৎসালয়ৰ অন্তুৰ্গত জুকুটা সামূহিক স্বাস্থ্য আৰু কল্যান কেন্দ্ৰত স্বাস্থ্য পৰীক্ষা কৰিবলৈ আহিছিল।

স্বাস্থ্য কেন্দ্ৰটোত এগৰাকী কৰ্তব্যৰত নাৰ্ছ থকাৰ পাছতো স্বাস্থ্য বিষয়া ডা: প্ৰশান্ত দাসে গৰ্ভৱতী মহিলাগৰাকী সুকীয়া কোঠালীলৈ নি আতিশয্য চলাই বুলি গুৰুত্বৰ অভিযোগ কৰে নিৰ্যাতিতা মহিলা গৰাকীয়ে ৷

মহিলা গৰাকীয়ে নগাঁৱৰ কচুৱা থানাত এক গোচৰ তৰে। বিগত দুটা দিন ধৰি কচুৱা থানাই ঘটনাটোৰ তদন্ত ক্ষীপতাৰে কৰি অৱশেষত লম্পট চিকিৎসক জনক নগাঁওৰ ৰহাৰ পৰা গ্ৰেপ্তাৰ কৰে ৷

Exit mobile version