Asian Games:এছিয়ান গেমছত ভাৰতৰ  স্বৰ্ণ অৰ্জন

শ্বুটিঙত বিশ্ব অভিলেখ গঢ়িলে তিনি ভাৰতীয় শ্বুটাৰে, মহিলা ক্ৰিকেট দলৰ স্বৰ্ণ পদক লাভ, ফাইনেলত শ্ৰীলংকাক ১৯ ৰাণৰ ব্যৱধানত পৰাস্ত কৰে মহিলা ক্ৰিকেট দলটোৱে

women cricket team

Asian Games:

চীনত অনুষ্ঠিত হৈ থকা এছিয়ান গেমছত ভাৰতে প্ৰথমটো স্বর্ণ পদক জয় কৰিবলৈ সক্ষম হয়। ১০ মিটাৰ এয়াৰ ৰাইফল শ্বুটিঙত পুৰুষৰ দলীয় শাখাত ভাৰতীয় দলে স্বর্ণ পদক লাভ কৰিবলৈ সক্ষম হয় ভাৰত ।

উল্লেখ্য যে, ৰুদ্ৰাংক্ষ পাটিল, ঐশ্বৰী প্ৰতাপ সিং আৰু দিব্যাংশ সিঙৰ যুটীয়া দলটোৱে ১৮৯৩.৭ পইণ্টেৰে বিশ্ব ৰেকৰ্ড গঢ়ে ৷

আনহাতে প্ৰত্যাশিতভাৱেই ভাৰতীয় মহিলা ক্ৰিকেট দলে ফাইনেলত শ্ৰীলংকাক ১৯ ৰাণৰ ব্যৱধানত পৰাস্ত কৰি স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হয় ৷ ৯৭ ৰাণত শ্ৰীলংকাৰ ইংগিছ সমাপ্ত হৈছিল ৷

দুটিকৈ স্বৰ্ণ পদক জয়ৰে ভাৰতৰ পদক সংখ্যা বৃদ্ধি পায় ১০ টালৈ। সম্প্রতি ভাৰতে ২টা সোণ, ৩টা ৰূপ আৰু ৫টা ব্ৰঞ্জ পদকৰে পদক তালিকাত ভাৰতৰ স্থান সপ্তম

Exit mobile version