Nagalend Deadbody Recovered In Sonari Youth:নাগালেণ্ডত নৃশংস হত্যা অসমৰ যুৱকক

মন জিলাৰ আংচেঙীয়াত উদ্ধাৰ ২ যুৱকৰ ক্ষতবিক্ষত অৰ্ধ উলংগ মৃতদেহ

sonari youth

Nagalend Deadbody Recovered In Sonari Youth:

চুবুৰীয়া জিলা নাগালেণ্ডত পুনৰ অসমৰ যুৱকক নৃশংস হত্যা ৷ অৰ্ধ উলংগ ক্ষতবিক্ষত অৱস্থাত উদ্ধাৰ হোৱা যুৱকৰ মৃতদেহ দুটা সোণাৰিৰ উৎপল তাছা আৰু ললিত নাওহলীয়া বুলি চিনাক্ত কৰিছে পৰিয়ালৰ লোকে ৷

উল্লেখ্য যে,সোনাৰীৰ দুই যুৱক উৎপল আৰু ললিত ২২ ছেপ্টেম্বৰত নাগালেণ্ডলৈ গৈছিল যদিও পাছদিনা অৰ্থাৎ ২৩ ছেপ্তেম্বৰত গৃহাভিমুখী হোৱাৰ পথত যোগযোগ বিচ্ছিন্ন হয় পৰিয়ালৰ স’তে ৷

কিন্ত পাছত ৰহস্যজনকভাৱে দুই যুৱকৰ অৰ্ধ উলংগ মৃতদেহ উদ্ধাৰ হয় মন জিলাৰ আংচেঙীয়াৰ এটা জলপ্ৰপাতৰ কাষত ৷ উদ্ধাৰ হয় এখন বাহন ৷

কি কাৰণত নাগালেণ্ডলৈ গৈছে এদিনৰ পাছত উভতি অহাৰ পথত কোনে কিয় হত্যা কৰিলে। এই পৰ্যন্ত জানিব পৰা হোৱা নাই ৷

ইতিমধ্যে নাগালেণ্ডৰ মন জিলাৰ আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে আৰম্ভ কৰিছে তদন্ত ৷

Exit mobile version