Air India Flight Attendants to be Replaced:সলনি হ’ব এয়াৰ ইণ্ডিয়াৰ বিমান সেৱিকাৰ পৰিধান!

ডিজাইনাৰ পোছাক তৈয়াৰ কৰিছে মনীষে

air india

Air India Flight Attendants to be Replaced:

এয়াৰ ইণ্ডিয়াত কর্মৰত বিমান সেৱিকাসহ অন্য মহিলা কৰ্মচাৰীৰ শাড়ী পৰিধানৰ পৰম্পৰাগত পোছাক বিধি অচিৰে সলনি হ’ব।

এয়াৰ ইণ্ডিয়াৰ মহিলা কৰ্মচাৰীয়ে শাড়ীক বিদায় জনাই পৰিধান কৰিব নতুন ইউনিফর্ম। অহা নৱেম্বৰত এয়াৰ ইণ্ডিয়াৰ কৰ্মীয়ে নতুন ইউনিফর্ম লাভ কৰিব।

যোৱা আগষ্টত এয়াৰ ইণ্ডিয়াই এই কথা ঘোষণা কৰিছিল। শাড়ীৰ পৰিৱৰ্ত্তে নৱেম্বৰৰ পৰা এয়াৰ ইণ্ডিয়াই বিমান সেৱিকাই পৰিধান কৰিব চুড়িদাৰ ডিজাইনৰ এক নতুন পৰিধান।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, এয়াৰ ইণ্ডিয়াই ছয় দশকৰ পাছত বিমান সেৱিকাই ইউনিফর্ম সলনি কৰিব। ইয়াৰ পূৰ্বে ১৯৬২ বৰ্ষলৈকে জে আৰ ডি টাটাৰ মালিকানাধীন সময়ছোৱাত এয়াৰ ইণ্ডিয়াৰ বিমান সেৱিকাই পশ্চিমীয়া পোছাক পৰিধান কৰিছিল।

সেই সময়ত এয়াৰ ইণ্ডিয়াৰ বিমান সেৱিকাই ইউনিফৰ্ম হিচাপে পৰিধান কৰিছিল স্কার্ট, জেকেট আৰু বিশেষ ডিজাইনৰ টুপী। কিন্তু ইয়াৰ পাছত এয়াৰ ইণ্ডিয়াৰ বিমান সেবিকাৰ ইউনিফর্ম, শাড়ীলৈ সলনি কৰা হৈছিল।

এইবাৰ এয়াৰ ইণ্ডিয়াৰ বিমান সেৱিকাৰ বাবে ইউনিফৰ্ম তৈয়াৰ কৰিছে দেশৰ আগশাৰীৰ ফেশ্বন ডিজাইনাৰ মনীষ মালহোট্টাই।

Exit mobile version