Cbi Team In Manipur:অশান্ত জৰ্জড়িত মণিপুৰত উপস্থিত চি বি আইৰ  দল

manipur 1

Cbi Team In Manipur:

চেপা উত্তেজনা অব্যাহত থকা অশান্ত জৰ্জড়িত মণিপুৰত বুধবাৰে উপস্থিত হয় চি বি আইৰ দল।

বিগত কে’বাটাও মাহ ধৰি পাহাৰীয়া ৰাজ্যখনত অব্যাহত থকা অগ্নিগৰ্ভা পৰিস্থিতি শেহতীয়াকৈ ক্ৰমাৎ স্বাভাৱিক হোৱাত ইতিমধ্যে বন্ধ হৈ থকা ইণ্টাৰনেট সেৱা ৰাজ্য চৰকাৰে ২৩ ছেপ্তেম্বৰত মুকলি কৰি দিছিল যদিও সোমবাৰে ৰাজধানী চহৰ খনত দুগৰাকীকৈ শিক্ষাৰ্থী দুৰ্বৃত্তই হাতত নিহত হোৱাৰ পাছতে পুনৰ পৰিস্থিতি অশান্ত হৈ পৰে ৷নিখোঁজ হৈ থকা দুজন ছাত্ৰৰ মৃতদেহৰ ছবি বিয়পি পৰিছিল ম’বাইলে ম’বাইলে।

উল্লেখ্য যে,মণিপুৰৰ পৰিস্থিতি অতি উত্তপ্ত হৈ থকাৰ সময়তে নিখোজ হৈ আছিল দুই শিক্ষাৰ্থীৰ মৃতদেহৰ ফটো বিয়পি পৰাৰ লগে লগে মণিপুৰত পুনৰ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।

২৬ ছেপ্তেম্বৰত শিক্ষাৰ্থী হত্যাকাণ্ডৰ প্ৰতিবাদত ৰাজপথলৈ ওলাই আহে শ শ ছাত্ৰ-ছাত্ৰী৷ ৰাজপথত উপস্থিত হৈ প্ৰতিবাদ মুখৰ হৈ পৰে ক্ষুব্ধ শিক্ষাৰ্থী ৷ যাৰবাবে পৰিস্থিতিৰ অধিক বেয়াৰ ফালে ঢাল খোৱাত মণিপুৰ চৰকাৰে পুনৰ বুধবাৰে দিনা মণিপুৰ ১ অক্টোবৰলৈ কৰ্তন কৰে ইন্টাৰনেট সেৱা ৷

একেদৰে ৰাজ্যৰ ৰাজ্যপালৰ নিৰ্দেশ অনুসৰি ৰাজ্য খনৰ সকলো শিক্ষানুষ্ঠান পৰৱৰ্তী জাননী নিদিয়ালৈকে বন্ধ ঘোষণা কৰে ৷

আনহাতে এনে ঘটনাক্ৰমৰ মাজতে দুই শিক্ষাৰ্থীৰ মৃত্যুৰ তদন্ত কৰিবলৈ মণিপুৰৰ ৰাজধানী ইম্ফলত উপস্থিত হয়  চিবিআইৰ দল

স্মতৰ্ৱ্য যে,মেইটেই আৰু কুকিৰ সংঘাতক লৈ সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ মাজতে চিবিআইৰ দলৰ ক্ষীপ্ৰ তদন্তই দুয়োটা জনগোষ্ঠীক কিমান দূৰ আশ্বস্ত কৰিব পাৰে সেইয়া হ’ব লক্ষণীয় ৷

Exit mobile version