Sri Lanka Cricket Team in Guwahati:প্ৰথমবাৰলৈ গুৱাহাটীত বিশ্বকাপ ক্ৰিকেটৰ প্ৰস্তুতি মেচ

কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে,, হোটেল ভিভাণ্টাত উপস্থিত শ্ৰীলংকাৰ ক্ৰিকেট দল, ২৯ ছেপ্টেম্বৰত বাংলাদেশৰ বিৰুদ্ধে যুজঁ দিব সিংহলী বাহিনীয়ে

sri lankan cricket team 1

Sri Lanka Cricket Team in Guwahati:

উত্তৰ-পূৰ্বৰ দুৱাৰ মুখ স্বৰূপ গুৱাহাটীত প্ৰথমবাৰলৈ অনুষ্ঠিত হ’ব বিশ্বকাপ ক্ৰিকেটৰ প্ৰস্তুতি মেচ।

প্ৰস্তুতি মেচত অংশ গ্ৰহণ কৰিবৰ বাবে দ্বীপ ৰাষ্ট্ৰ শ্ৰীলংকাৰ ক্ৰিকেট টিম উপস্থিত গুৱাহাটীত । বুধবাৰে দুপৰীয়া উপস্থিত হয় গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানকোঠত ৷

চানাকা নেতৃত্বাধীন শ্ৰীলংকাৰ ক্ৰিকেট টিমটোৰ সদস্য সকলক এয়াৰপৰ্টত উস্ম আদৰণি জনায় অসম ক্ৰিকেট সন্থাৰ কৰ্মকৰ্তাই ৷

তাৰ পাছতে এয়াৰপৰ্টৰ পৰা কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে শ্ৰীলংকান ক্ৰিকেট দলটো বিয়লী উপস্থিত হয় মহানগৰীৰ জি এছ ৰোডৰ হোটেল ভিভাণ্টাত ৷

উল্লেখ্য যে, ২৯ ছেপ্টেম্বৰত বাংলাদেশৰ বিৰুদ্ধে বিশ্বকাপ ক্ৰিকেটৰ প্ৰস্তুতি মেচত অংশ ল’ব শ্ৰীলংকাই

আনহাতে আজি বিয়লী বা কাইলৈ গুৱাহাটীত উপস্থিত হ’ব চুবুৰীয়া বাংলাদেশী ক্ৰিকেট দলটো ৷

Exit mobile version