BIBN Friendship Car Rally :গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ এছিয়ান কাৰ ৰেলীৰ

ভূটানৰ গেলেফুত গৈ উপস্থিত ৰেলী

ralli 1

BIBN Friendship Car Rally :

গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ কৰি এছিয়ান কাৰ ৰেলী ভুটানৰ গেলেফুত গৈ উপস্থিত হৈছে । BIBN Friendship Car Rally বুলি নামাকৰণ এইবাৰৰ এছিয়ান কাৰ ৰেলীৰ । জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই পুৱা নেহৰু ষ্টেডিয়ামত ৰেলীৰ ফ্লেগ অফ কৰে।

Connecting Neighbours এই বানীৰে নৰ্থ ইষ্ট ফেডাৰেচন অন ইন্টাৰনছনেল ট্ৰেড চমুকৈ NEFIT শীৰ্ষক সংগঠনে চতুৰ্থ বাৰলৈ আয়োজন কৰিছে এছিয়ান car rally। ভাৰতৰ লগতে ভূটান, নেপাল, বাংলাদেশ সামৰি আয়োজন কৰা এই ৰেলীৰ নাম দিয়া হৈছে BIBN Friendship Car Rally, পূৰ্বে NEFIT এ ম্যানমাৰ, থাইলেণ্ড, লাওচ সামৰি ৩টাকৈ আন্তৰ্জাতিক ৰেলীৰ আয়োজন কৰিছিল।

এই ৰেলীৰ নেতৃত্বত আছে গুৱাহাটী IIT ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড. অনুপ গগৈ আৰু
NEFIT ৰ সাধাৰণ সম্পাদক মৃণাল হাটখোৱাই । কাৰ ৰেলীৰ ফ্লেগ অফ কৰাৰ পূৰ্বে মন্ত্ৰী হাজৰিকাই উত্তৰ পূবৰ উদ্যোগী সকলক বিদেশত এখন বজাৰ দিয়াৰ লগতে চুবুৰীয়া দেশসমূহৰ সৈতে এক বাণিজ্যিক সম্পৰ্ক গঢ়ি তোলাৰ বাবে NEFIT এ লোৱা প্ৰচেষ্টাৰ শলাগ লয়।

সভাত গুৱাহাটীৰ সাংসদ কুইন ওজা,বিধায়ক দিগন্ত কলিতা, জনপ্ৰিয় অভিনেতা যতীন বৰা বিশিষ্ট অতিথি ৰূপে অংশগ্ৰহণ কৰে।

কাৰ ৰেলীৰ অভিযাত্ৰী সকলক বঙাইগাঁও শোধনাগাৰত BRPL ৰ উষ্ণ আদৰণি।
বঙাইগাঁওত ৰেলীৰ ফ্লেগ অফ কৰে BRPL ৰ কাৰ্যবাহী সঞ্চালক নয়ন জ্যোতি বৰুৱাই ।
কাইলৈ কাৰ ৰেলী গেলেফুৰ পৰা গৈ ভূটানৰ ৰাজধানী থিম্পুত উপস্থিত হবগৈ। ৰেলীৰ কালত দলটোৱে ১০ দিনত ৩,০০০ কিলোমিটাৰৰ অধিক পথ অতিক্ৰম কৰিব।

Exit mobile version