Pharmacy Seals In Jagiroad:জাগীৰোডত অনুজ্ঞাপত্ৰ বিহীন ফাৰ্মাচীৰ বিৰুদ্ধে ঔষধ পৰিদৰ্শকৰ অভিযান

অনুজ্ঞাপত্ৰ বিহীন দুখন ফাৰ্মাচী ছীল

jagiroad 2

Pharmacy Seals In Jagiroad:

মৰিগাঁও জিলাৰ জাগীৰোডৰ দুটা স্থানত ঔষধ পৰিদৰ্শকৰ অভিযান ৷ আমলিঘাট, আজুৰিত অকৰ্তৃত্বশীলভাৱে চলাই থকা দুখন ফাৰ্মাচী ধৰা পেলাই ঔষধ পৰিদৰ্শকে ৷

দুয়োখন ফাৰ্মাচীয়ে অনুজ্ঞাপত্ৰ বিহীনভাৱে দীৰ্ঘদিন ধৰি ঔষধ বিক্ৰী কৰি থকাৰ অভিযোগ উদ্থাপিত হৈছিল ৷ অৱশেষত জিলা ঔষধ পৰিদৰ্শকৰ নিৰ্দেশত এটা দলে অৰ্তকিতে অভিযান চলাই ড্ৰাগছ লাইচেঞ্চ নথকাটো নিশ্চিত কৰে ৷

মালা মেডিকেল আৰু এখন নামবিহীন ফার্মাচী ছীল কৰি দিয়ে জিলা ঔষধ পৰিদৰ্শকে ৷
উল্লেখ্য যে,ৰাজ্যৰ প্ৰায়বোৰ ভিতৰুৱা অঞ্চলত কাঠফুলাৰ দৰে গঢ়ি উঠা একাংশ অবৈধ ফাৰ্মাচীয়ে নিবিঘ্নে বিক্ৰী কৰি আহিছে দৰৱ৷ প্ৰয়োজনীয় অনুজ্ঞাপত্ৰ নথকাকৈয়ে ৰোগীৰ জীৱনক লৈ হেতালি খেলি আহিছে যদিও এইক্ষেত্ৰত নিৰ্বিকাৰ ড্ৰাগছ কন্টোলাৰ ৷

চেগাচোৰোকাকৈ নিয়মমাফিক অভিযান চলাইয়ে দায়িত্ব সামৰে সংশ্লিষ্ট জিলাৰ ঔষধ পৰিদৰ্শকে ৷

Exit mobile version