Saudi’s Strong Message To Pakistan Before Haj Pilgrimage Begins:মগনীয়া আৰু পকেটমাৰ নপঠিয়াব চৌদিলৈ !

হজযাত্ৰা আৰম্ভ হোৱাৰ পূৰ্বে এখন দেশক কঠোৰ বাৰ্তা চৌদী চৰকাৰৰ

hajj

Saudi’s Strong Message To Pakistan Before Haj Pilgrimage Begins:

আগন্তুক হজযাত্ৰাৰ পূৰ্বে ভয়ংকৰ অৰ্থনৈতিক সংকটত পৰা পাকিস্তান চৰকাৰ সন্মুখীন হৈছে আন এক বিপদৰ ৷

চৌদি চৰকাৰে হজযাত্ৰী বাছনিৰ ক্ষেত্ৰত ইতিমধ্যেই চৰম বিত্তীয় সমস্যাৰ সন্মুখীন হোৱা পাকিস্তান চৰকাৰক দিছে কেতবোৰ পৰামৰ্শ । হজ যাত্ৰাৰ কোটাৰ বাবে আবেদনকাৰীসকলৰ মনোনয়নত বিশেষ গুৰুত্বআৰোপ কৰা উচিত। লগতে এইটোও স্পষ্ট কৰি দিয়া হৈছে যে ভিক্ষাৰী বা পকেটমাৰৰ দৰে ক্ষুদ্ৰ অপৰাধীসকলে যাতে হজৰ বাবে সুযোগ নাপায় ।

উল্লেখ্য যে,চৌদি আৰবে হজ যাত্ৰীসকলক নিয়ন্ত্ৰণ কৰাৰ স্বাৰ্থত প্ৰতিখন দেশৰ বাবে কোটা নিৰ্ধাৰণ কৰি কোন দেশৰ কিমান হজযাত্ৰী আহিব মক্কালৈ আহিব তাৰ সংখ্যাও নিৰ্ধাৰিত কৰি দিয়ে ।

নিৰ্ধাৰিত কোটাৰ জৰিয়তে বিত্তীয় সাহায্যও উপলব্ধ কৰে আৰবীয়ান দেশখনে । চৌদি আৰবে ইতিমধ্যে ভিক্ষাৰী বা অপৰাধীসকলক কোটাত প্ৰৱেশ কৰাত বাধা দিবলৈ সাৱধানতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে ।

অতীতত এনে ধৰণৰ বহুবোৰ ঘটনা সংঘটিত হোৱা বুলি উল্লেখ কৰি পাকিস্তানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়লৈ লিখা পত্ৰখনত কোৱা হৈছে, “আমাৰ কাৰাগাৰত আপোনাৰ দেশৰ বন্দীসকলৰ ভিৰ অত্যাধিক হৈছে । আৰু ঠাই নাই কাৰাগাৰত। “

মনকৰিবলগীয়া যে,প্ৰতি বছৰে চৌদি আৰৱত হজৰ বাবে হজযাত্ৰীৰ অত্যাধিক ভিৰ হয়। প্ৰশাসনেও ভিৰ চম্ভালিবলৈ যথেষ্ট সমস্যাৰ সন্মুখীন হয়। হজ যাত্ৰা সুচাৰুৰূপে পৰিচালনা কৰাটো চৌদি চৰকাৰৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে । এই প্ৰেক্ষাপটত এই বছৰ পাকিস্তানক চৌদি আৰৱৰ পৰা এক লাখ ৭৯ হাজাৰ লোকৰ কোটা দিয়া হৈছিল।

কিন্তু শেহতীয়াকৈ গুৰুতৰ বিত্তীয় সংকটৰ বাবে ইছলামাবাদে আৰম্ভণিতে এই বছৰ হজযাত্ৰা বাতিল কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷কিন্ত দেশৰ সৰ্বত্ৰে হোৱা প্ৰৱল প্ৰতিবাদত সেও মানি অৱশেষত পাকিস্তান চৰকাৰে কেতবোৰ চৰ্তৰ সৈতে ‘উমৰা ভিছা’ কোটাৰ অধীনত হজ যাত্ৰাৰ বাবে সন্মত হয়।

Exit mobile version