Guwahati Heavy Rain:মুষলধাৰ বৰষুণৰ ফলত মহানগৰীৰ ভিন্ন প্ৰান্তত কৃত্ৰিম বান

flood main

Guwahati Heavy Rain:

উৎকট গৰমৰ পাছত মহানগৰীত মুষলধাৰ বৰষুণ ৷ দিনৰ দুই বজাৰ পৰা আৰম্ভ হোৱা নেৰানেপেৰা বৰষুণৰ ফলত মহানগৰীৰ ভিন্ন প্ৰান্তত সৃষ্টি হৈছে কৃত্ৰিম বানৰ

সদাব্যস্তজটিয়া,কাহিলীপাৰা,জু-ৰোড,হাতীগাওঁ,ৱাৰলেছ, মালিগাঁও উৰন সেঁতুৰ তলত একাঠু পৰ্যন্ত পানী হোৱাত ব্যাহত হৈ পৰিছে যাতায়ত ব্যৱস্থা ৷ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে পথচাৰীৰ ৷

আনহাতে মহানগৰীৰ বহু আবাসীক অঞ্চল জলমগ্ন হৈ অহাৰ খবৰ জানিব পৰা গৈছে ৷

ইতিমধ্যে ক’লা ডাৱৰে আবৰি ধৰিছে গুৱাহাটীৰ আকাশ ৷ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা মতে আগন্তুক কে’বা দিনলৈ বৰষুনৰ প্ৰকোপ বৃদ্ধি পোৱাৰ আশংকা ৷

উল্লেখ্য যে,আজি মহানগৰীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত ভাৰত- ইংলেণ্ডৰ মাজত অনুষ্ঠিত বিশ্বকাপ ক্ৰিকেটৰ প্ৰস্তুতি মেচ বৰষুণৰ বাবে বাতিল হয় ৷ টছত জয়ী হৈ বেটিঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ভাৰতে ৷

Exit mobile version