Aap Assam Pressmeet:সঘনে বিদ্যুত মাচুল বৃদ্ধি কৰি সাধাৰন মানুহক মাধমাৰ সোধাইছে এই চৰকাৰ

বিদ্যুত মাচুল বৃদ্ধি ৰোধ কৰাৰ দাবী আপ অসমৰ, অমৃত কলহৰ দৰে বিভিন্ন কাৰ্যসূচীৰ ফলত স্কুলৰ কণ কণ ছাত্ৰছাত্ৰীৰ শিক্ষাৰ পৰা বঞ্চিত

aap pressmeet

Aap Assam Pressmeet:

বিগত সময়চোৱাত প্ৰতি দুই তিনিমাহৰ মুৰে মুৰে বিদ্যুত মাচুল বৃদ্ধিয়ে অতিষ্ঠ কৰাৰ লগতে সাধাৰন মানুহৰ বাবে ই হৈ পৰিছে এক বৃহৎ বোজা। অত্যাৱশ্যকীয় সামগ্ৰীৰ মুল্যবৃদ্ধিৰ লগতে বিদ্যুত মাচুলে ইতিমধ্যেই জ্বলাকলা খুৱাইছে ৰাইজক।

অসমৰ মূখ্যমন্ত্রী হিমন্তবিশ্ব শর্মাই সংবাদ মাধ্যমৰ সন্মুখত মাচুল বৃদ্ধিৰ বিষয়টো অস্বীকাৰ কৰে যদিও APDCLএ মাচুল বৃদ্ধিৰ জাননী জাৰি কৰাৰ পিছতো মূখ্যমন্ত্ৰীৰ ভাষ্য ৰহস্যজনক হৈছে।

তিনিশ ইউনিট ব্যৱহাৰ কৰা সকলৰ ক্ষেত্ৰত মাচুল বৃদ্ধি হোৱা নাই কিন্তু তিনিশ একৰ পৰা পাচশ ইউনিট ব্যৱহাৰ কৰা সকলৰ বিশ পইচা আৰু পাচশৰ অধিক ব্যৱহাৰ কৰা সকলৰ নব্বৈ পইচাকৈ বৃদ্ধি কৰা হৈছে। ইয়াৰ দ্বাৰা কাৰো অসুবিধা নহয় বুলি তেওঁ কয়।

আনহাতে উদ্যোগিক খন্ডত প্রতি ইউনিটত গ্ৰাহকৰ বাবে ঊনষাঠি পইচাকৈ বৃদ্ধি হৈছে।যি সময়ত আপৰ দিল্লী আৰু পন্‌ঞ্জাৱ চৰকাৰে বিদ্যুৎ বিনামূলীয়া কৰিছে সেই সময়ত এইদৰে অসমত চৰকাৰে বিদ্যুৎত্ৰ মাচুল বৃদ্ধিৰ তীব্ৰ বিৰোধিতা কৰিছে আপ অসমে

আন এক গুৰুত্বপূৰ্ণ বিষয় হল বিদ্যালয়ৰ কণ কণ ছাত্রছাত্ৰী সকলক মাহৰ বিশটা দিনেই চৰকাৰী কাৰ্যসূচীত ব্যস্ত ৰাখি ক্ষতি কৰা কার্যক আপ অসমে তীব্র আৰু কঠোৰ ভাষাৰে গৰিহনা দিছে।

য’ ত দিল্লীৰ চৰকাৰে বিদ্যালয়ত ছাত্র-ছাত্রী সকলক বিশ্ব মানৰ শিক্ষা প্রদানেৰে বিদেশতো ভাৰতৰ গৌৰৱ গাথা ৰচিছে সেই সময়ত অসমৰ ছাত্ৰ-ছাত্ৰী সকলৰ ক্লাছ আৰু পৰীক্ষা বাতিল কৰি অমৃত কলহ লৈ প্ৰখৰ ৰ’দত সমদল কৰাই ফুৰিছে ।

এই ব্যৱস্থা অতি সোনকালেই বন্ধ কৰাৰ দাবী কৰে আম আদমী পাৰ্টিয়ে। ছাত্র-ছাত্ৰীৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অধ্যয়নৰ সময়চোৱাত যাতে এইদৰে চৰকাৰী কাৰ্যসূচী শিক্ষক আৰু ছাত্র-ছাত্ৰীৰ মুৰত জাপি নিদিয়ে তাৰ দাবী কৰে আম আদমি পাৰ্টী অসমে ।

সংবাদমেলত উপস্থিত থাকে আপ অসমৰ ৰাজ্যিক মূখ্য মূখপাত্ৰ অনুৰূপা ডেকাৰজা আৰু মুখপাত্র জাম কুটুম।

Exit mobile version