Explosion In Sikkim:ছিকিমত ডাৱৰ বিস্ফোৰণ

অস্বাভাৱিক হাৰত বৃদ্ধি তিষ্টা নদীৰ জলস্তৰ, বানে বুৰাই পেলালে ১০নং ৰাষ্ট্ৰীয় ঘাইপথ, প্ৰবল বানে উটুৱাই নিয়ে সেনা বাহিনীৰ এটা কনভয়, বৰ্তমানলৈকে সন্ধানহীন ২৩ গৰাকী সেনা জোৱান

flood in sikkim 1

Explosion In Sikkim:

পৰ্বতীয়া ৰাজ্য ছিকিমত ভয়ংকৰ ডাৱৰ বিস্ফোৰণ । ফলত উফন্দি উঠিছে তিষ্টা নদীৰ জলস্তৰ৷ তিষ্টা নদীৰ বাঢ়নী পানীয়ে ইতিমধ্যে বুৰাই পেলাইছে সদাব্যস্ত ১০নং ৰাষ্ট্ৰীয় ঘাইপথ। একেদৰে প্ৰবল বানে উটুৱাই নিয়ে সেনা বাহিনীৰ এটা কনভয়

বৰ্তমানলৈকে সন্ধানহীন হৈ আছে ২৩ গৰাকীকৈ সেনা জোৱান ৷ সেনাৰ সন্ধানত এছ ডি আৰ এফ আৰু এন ডি আৰ এফৰ উদ্ধাৰকাৰী দলে অভিযান আৰম্ভ কৰিছে ৷

এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে হিমালয়ান ৰাজ্য খনত৷ ভয়াৱহ বানৰ বাবে ৰাজ্য প্ৰসাশনে জাৰি কৰিছে হাই এলাৰ্ট ।

পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ স্থলী হিচাপে চিহ্নিত ছিকিমত মঙলবাৰে নিশা১:৩০ৰ পৰা অব্যাহত থকা নেৰানেপেৰা বৃষ্টিপাতৰ মাজতে উত্তৰ ছিকিমৰ ল’নক হ্ৰদৰ ওপৰত ডাৱৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হয়।

ডাৱৰ বিস্ফোৰণৰ ফলত তিস্তা নদীৰ জলস্তৰ বৃদ্ধি পাই বিপদসীমা অতিক্ৰম কৰে। নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাই কাষৰীয়া কে’বাটাও সদাব্যস্ত পথ৷ এই পথেদি যোৱা সেনাৰ কনভয় এটি উটি যায় প্ৰৱল বানত। এই পৰ্যন্ত নিৰুদ্দেশ হৈ আছে ২৩জন সেনা জোৱান।

বিশেষ সূত্ৰ এটিয়ে জানিব দিয়া মতে চুংথাং বান্ধৰ পৰা হঠাতে পানী এৰি দিয়াৰ ফলত তিষ্ঠা নদীৰ পানীৰ স্তৰ ১৫-২০ ফুট উচ্চতালৈ বৃদ্ধি পাইছিল। তাৰ পাছতে সৃষ্টি হয় অভাৱনীয় পৰিস্থিতি ৷

আনহাতে ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙেও চিংটামৰ বানৰ ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লোৱাৰ লগতে আকস্মিক বানৰ কবলত পৰা লোক সকলক উদ্ধাৰ আৰু সাহায্য বিতৰণ কৰিবলৈ বিষয়া-বৰ্গক নিৰ্দেশ দিছে।

Exit mobile version