Rip Hazarika Appointed as New Information Commissioner of The State:ৰাজ্যৰ নতুন তথ্য আয়ুক্ত হিচাপে নিযুক্তি ৰীপ হাজৰিকাক

ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেডৰ প্ৰাক্তন পৰিচালন সঞ্চালক হাজৰিকা, বৃহস্পতিবাৰে ৰাজভৱন ল'ব শপত

information commission

Rip Hazarika Appointed as New Information Commissioner of The State:

অসম ৰাজ্যিক তথ্য আয়োগৰ নতুন ৰাজ্যিক তথ্য আয়ুক্ত হিচাপে নিযুক্তি দিয়া হয় ৰীপ হাজৰিকাক ৷ ইতিমধ্যে ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়াই এক অধিসূচনা যোগে হাজৰিকাক এই নিযুক্তি প্ৰদান কৰিছে ।

ADVERTISEMENT

উল্লেখ্য যে হাজৰিকা আছিল ডিব্ৰুগড়স্থ ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেডৰ প্ৰাক্তন পৰিচালন সঞ্চালক।

ৰাজস্থানৰ বিৰলা ইনষ্টিটিউট অব্ ছাইন্সৰ পৰা ৰসায়নৰ অভিযান্ত্ৰিক স্নাতক তথা দিল্লী আই আই এমৰ পৰা পাৰ্চনেল মেনেজমেণ্টত স্নাতক ডিগ্ৰীধাৰী আছিল হাজৰিকাৰ ৷

বৃহস্পতিবাৰে ৰীপ হাজৰিকাই ৰাজভৱনত নতুন ৰাজ্যিক তথ্য আয়ুক্ত হিচাপে শপত গ্ৰহণ কৰিব ৷ শপতবাক্য পাঠ কৰোৱাব ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়াই ৷

শপত গ্ৰহণ অনুষ্ঠানত অসম চৰকাৰৰ মুখ্য সচিব সহ কে’বাগৰাকী জ্যেষ্ঠ আমোলা উপস্থিত থাকিব ৷

Exit mobile version