Two Arrested With Intoxicating Cough Syrup:অসম-ত্ৰিপুৰাৰ সীমান্তৱৰ্তী চুৰাইবাড়িত জব্দ বৃহৎ পৰিমাণৰ নিচাযুক্ত কফচিৰাপ

assam tripura border police raid

Two Arrested With Intoxicating Cough Syrup:

অসম-ত্ৰিপুৰাৰ সীমান্তৱৰ্তী চুৰাইবাড়িত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত পুনৰ জব্দ হয় বুজন পৰিমাণৰ নিচাযুক্ত কফচিৰাপ

বৃহস্পতিবাৰে নিশা এখন ট্ৰাকৰ পৰা জব্দ কৰা হয় ৯০০০ বটল কফ চিৰাপখিনি।

উল্লেখ্য যে,এই কফচিৰাপখিনি লৈ এ এছ ০১ এম চি ৮৫৮ নম্বৰৰ ট্ৰাক এখনে গুৱাহাটীৰ পৰা ত্ৰিপুৰা অভিমুখে গৈ থকাৰ সম্ভেদ লাভ কৰিছিল আৰক্ষীয়ে ৷

সেই অনুসৰি অসম-ত্ৰিপুৰাৰ সীমান্তৱৰ্তী চুৰাইবাড়িত আৰক্ষীয়ে ট্ৰাকখন আগভেটি ধৰি তালাচী চলাই উল্লিখিত পৰিমাণৰ নিচাযুক্ত কফচিৰাপৰ বটল সহ দুজন সৰবৰাহকাৰীক আটক কৰে ৷

আটকাধীন লোক দুজনৰ নাম ৰাহুল দাস আৰু বাসুদেৱ দাস । ইতিমধ্যে দুই ধৃতক অধিক তথ্যৰ বাবে অব্যাহত ৰাখিছে জেৰা

Exit mobile version