DHC Important Judgement:বিনা কাৰণত এজন লোকক লকআপত আধাঘণ্টা ভৰাই থোৱাৰ বাবেই

আৰক্ষীক ৫০ হেজাৰ ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ দিল্লী উচ্চ ন্যায়ালয়ৰ, আৰক্ষীৰ এনে কাৰ্যই জনতাৰ মৌলিক অধিকাৰ খৰ্ব কৰিছে বুলি মন্তব্য আদালতৰ

WhatsApp Image 2023 10 07 at 7.05.01 PM

DHC Important Judgement:

এজন লোকক আৰক্ষীয়ে বিনা কাৰণত লকআপত আধাঘণ্টা ভৰাই থোৱাৰ বাবেই আদালতৰ ধমক খাবলগীয়া হয় ৷ অকল ধমকেই নহয় লকআপত ৰখাৰ বাবে পুলিচক নিজৰ দৰমহাৰ পৰা ৫০হাজাৰ টকা দিবলৈ নিৰ্দেশ দিয়ে আদালতে ৷

যি কেইজন আৰক্ষীয়ে লোকজনক লকআপলৈ নিক্ষেপ কৰিছিল সেই কেইজনে লোকজনক ক্ষতিপূৰণ হিচাপে ৫০ হেজাৰ দিয়াৰ নিৰ্দেশ দিয়ে।

উল্লেখ্য যে,দিল্লী আৰক্ষীৰ দুজন উপ-পৰিদৰ্শকে এজন লোকক কাৰণ নোহোৱাকৈ গ্ৰেপ্তাৰ নকৰাকৈ আধাঘণ্টা লকআপত ভৰাই থৈছিল।

পৰৱৰ্তী সময়ত লোকজনে আৰক্ষীৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপে ৷ অৱশেষত ন্যায়ালয়ত কে’বালানি শুনানীৰ অন্তত ন্যায়াধীশ সুব্ৰমণিয়াম প্ৰসাদে আৰক্ষীৰ এনে কাৰ্যক তীব্ৰ ভৎসনা কৰি এইয়া জনতাৰ মৌলিক অধিকাৰ খৰ্ব কৰা বুলি উল্লেখ কৰি সংশ্লীষ্ট আৰক্ষী উপ-পৰিদৰ্শকক নিজৰ দৰ্মহাৰ পৰা ভুক্তভোগী লোকজনক ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ দিয়ে ৷

Exit mobile version