Landslide In Hengerabai:মহানগৰীৰ হেঙেৰাবাৰীত ভয়াৱহ ভূমিস্খলন

শিল পৰি গুৰুতৰভাৱে আঘাতপ্রাপ্ত তিনি গৰাকীকৈ লোক

landslide 1 1

Landslide In Hengerabai:

মহানগৰীত বিগত তিনিদিন ধৰি অব্যাহত থকা মুষলধাৰ বৰষুণে অধিকাংশ ঠাইতে কৃত্ৰিম বানৰ সৃষ্টি কৰাত ৰাইজৰ  বিলাই বিপত্তি নোহোৱা হৈছে ৷ জলমগ্ন হোৱা অঞ্চলত ব্যাহত হৈ পৰিছে যাতায়ত ব্যৱস্থাও ৷

মুষলধাৰ বৰষুণৰ মাজতে ভুতৰ ওপৰত দানহ পৰাৰ দৰে মহানগৰীৰ কেতবোৰ পাহাৰীয়া অঞ্চলত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে ৷ দিছপুৰ থানাৰ অন্তৰ্গত হেঙেৰাবাৰীৰ ২নং মিলন নগৰত সংঘটিত হৈছে ভয়াৱহ ভূমিস্খলন।

ভূমিস্খলনৰ ফলত পাহাৰৰ পৰা খহি পৰে সৰু- বৰ শিল। এই শিল পৰি গুৰুতৰভাৱে আঘাতপ্রাপ্ত হয় দুগৰাকী পুৰুষ সহ এগৰাকী মহিলা । ইতিমধ্যে তিনিওকে ভৰ্তি কৰা হয় জি এম চি এইচত ৷

উল্লেখ্য যে, পাহাৰৰ পৰা খহি পৰা শিল এটা বাসগৃহ ওপৰত পৰাত ঘৰটো সম্পূৰ্ণৰূপে বিধ্বস্ত হয় । সেই সময়ত ঘৰটোত থকা এগৰাকী মহিলা সহ তিনিজন গুৰুত্বৰভাৱে আহত হয় ৷

শেহতীয়াকৈ মহানগৰীৰ দুটাকৈ অঞ্চলত ভূমিস্খলনৰ ঘটনা সংঘটিত হোৱাৰ পাছতে পাহাৰীয়া অঞ্চলৰ লোক সকল শংকিত হৈ পৰিছে ৷

Exit mobile version