CEC Announces Dates For Assembly Elections In 5 States:উৎকণ্ঠাৰ অৱসান ,অৱশেষত ঘোষণা হ’ল দেশৰ ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন !

cec

CEC Announces Dates For Assembly Elections In 5 States:

সকলো উৎকণ্ঠা অন্ত পেলাই সোমবাৰে দেশৰ নির্বাচন আয়োগে ঘোষণা কৰে পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিনাংক ঘোষণা কৰাৰ লগতে নিৰ্বাচনৰ বাবে সময়সূচী ঘোষণা কৰে ৷

উল্লেখ্য যে,দেশৰ পাঁচ ৰাজ্য ক্ৰমে মিজোৰাম, চট্টীশগড় , তেলেংগনাত, মধ্য প্ৰদেশ আৰু ৰাজস্থান অনুষ্ঠিত বিধানসভা নির্বাচন।

সোমবাৰে নিৰ্বাচন আয়োগে ঘোষণা কৰা নিৰ্বাচনৰ দিনাংক অনুসৰি পাঁচোখন ৰাজ্যত ৭ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰলৈ অনুষ্ঠিত হ’ব নির্বাচন ৷

আনহাতে মিজোৰামত ভোটগ্রহণ অনুষ্ঠিত হ’ব ৭ নৱেম্বৰত, ৰাজস্থানত ২৩ নৱেম্বৰত, তেলেংগনাত ৩০ নৱেম্বৰত, মধ্যপ্ৰদেশত ১৭ নৱেম্বৰত আৰু চট্টীশগড়ত ৭ আৰু ১৭ নৱেম্বৰত দুটা পৰ্যায়ত ভোটগণনা অনুষ্ঠিত হ’ব । একেদৰে এই আটাইকেইখন ৰাজ্যৰে ভোটগণনা হ’ব ৩ ডিচেম্বৰত।

মনকৰিবলগীয়া যে,তেলেংগনাত ১১৯ খন আসন, মিজোৰামত ৪০ খন আসন, মধ্যপ্ৰদেশত ২৩০ খন আসনৰ বিপৰীতে সৰ্ববৃহৎ ৰাজ্য ৰাজস্থানত দুশ খন আসন আৰু চট্টীশগড়ত ৯০ খন আসনৰ বাবে নির্বাচন অনুষ্ঠিত হ’ব।

দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজিৱ কুমাৰে সদৰি কৰা মতে, এই পাঁচখন ৰাজ্যত মুঠ ১৬ কোটি ভোটাৰ আছে। ইয়াৰ ভিতৰত ৮.৫২ কোটি পুৰুষ আৰু ৭.৮ কোটি মহিলা ভোটাৰ।

উল্লেখ্য যে, মিজোৰাম বিধানসভাৰ কাৰ্যকাল ২৩ ডিচেম্বৰত শেষ হ’ব। লগতে বাকী ৪ ৰাজ্যৰ বিধানসভাৰ কাৰ্যকাল শেষ হ’ব ২০২৪ চনৰ ১৬ জানুৱাৰীত।

Exit mobile version