Congress Files Case Against Nadda-Malviyaৰাৱণৰূপী ৰাহুলৰ প’ষ্টাৰৰ সন্দৰ্ভত নাড্ডা-মালব্যৰ বিৰুদ্ধে গোচৰ কংগ্ৰেছৰ

ravan%40RAHUL GANDHI

Congress Files Case Against Nadda-Malviya:

কংগ্ৰেছ নেতা আৰু সাংসদ ৰাহুল গান্ধীক অলপতে ‘নতুন যুগৰ ৰাৱণ’ হিচাপে উপস্থাপন কৰি বিজেপিয়ে সামাজিক মাধ্যমত এক প্ৰচাৰ চলাইছিল।

ADVERTISEMENT

এই ঘটনাৰ পৰিপ্ৰেক্ষিতত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু দলৰ আইটি শাখাৰ মুৰব্বী অমিত মালব্যৰ বিৰুদ্ধে গোচৰ তৰিলে কংগ্ৰেছৰ এজন নেতাই।

সংবাদ সংস্থাৰ বাতৰি অনুসৰি, ৰাজস্থান কংগ্ৰেছৰ সাধাৰণ সম্পাদক যশৱন্ত গুর্জাৰে আদালতত ইতিমধ্যে বিজেপিৰ উভয় নেতাৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৪৯৯, ৫০০ আৰু ৫০৪ ধাৰাত অভিযোগ দাখিল কৰিলে।

জয়পুৰ মেট্ৰ’পলিটান আদালতত কংগ্ৰেছ নেতাজনে ইতিমধ্যে এই বিষয়ত অভিযোগ দাখিল কৰিছে আৰু কাইলৈ আদালতে এই আবেদনৰ শুনানি গ্ৰহণ কৰাৰ কথা।

Exit mobile version