Suspension Goalpara Two Congress Leader:
অমৃত কলহ যাত্ৰাত ভাগ লোৱাৰ বাবে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ৰোষত পৰিল দুগৰাকী কংগ্ৰেছী নেতা। গোৱালপাৰাৰ মাটিয়া ব্লক কংগ্রেছৰ সভাপতি আইনাল হক চৌধুৰী আৰু গোৱালপাৰা জিলা মহিলা কংগ্রেছৰ সভানেত্রী আফ্ৰুজা বেগমক তৎকালীনভাৱে প্ৰদেশ কংগ্ৰেছে নিলম্বন কৰে।
মঙলবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে আনুষ্ঠানিকভাৱে নিলম্বনৰ নিৰ্দেশনা জাৰি কৰে ৷
মনকৰিবলগীয়া যে,মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰায়বোৰ দলীয় সভা- সমিতিত কংগ্ৰেছ নেত্ৰী ছোনীয়া গান্ধী আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে কঠোৰ সমালোচনা কৰাৰ লগতে বিজেপিৰ ৰাষ্ট্ৰীয় আই টি চেলে ৰাহুল গান্ধীক ৰাৱনৰ স’তে তুলনা কৰি বিকৃত ৰূপত পোষ্টাৰ মুকলি কৰাৰ পিছত ইজনৰ পাছত সিজনকৈ কংগ্ৰেছী নেতাৰ অমৃত কলহ যাত্ৰাত অংশগ্ৰহণ কৰাৰ কাৰ্যই বিবুধিত পেলাইছে এপি চিচিক ৷
এনেবোৰ কাৰ্যৰ বাবেই অৱশেষত এপি চি চিৰ সভাপতি ভূপেন বৰাৰ নিৰ্দেশত গোৱালপাৰাৰ দুই কংগ্ৰেছী নেতাক নিলম্বন কৰা হয় ৷
