Drug Peddlers Arrested With Rs 5 Crore:
পঞ্জাৱত দেশৰ নাৰ্কটিক বিভাগৰ বৃহৎ অভিযানত জব্দ হয় ৪.৯৪ কোটি টকাৰ লগতে ৩৮খনকৈ বাহনৰ নকল নম্বৰ প্লেট ৷ লগতে গ্ৰেপ্তাৰ হয় কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী ৷
বিশেষ খবৰৰ ভিত্তিত আভ্যন্তৰীণ নাৰ্কটিক বিভাগৰ এটা বৃহৎ দলে পঞ্জাৱ আৰক্ষী আৰু জম্মু- কাশ্মীৰ আৰক্ষীৰ সহযোগত পঞ্জাৱৰ মুলানপুৰ ঢাকা অঞ্চলত অৰ্তকিতে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় ৪.৯৪ কোটি টকাৰ লগতে ৩৮খনকৈ বাহনৰ নকল নম্বৰ প্লেট ৷ অভিযানত আটক কৰে এজন কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক ৷ জব্দ কৰা হয় এটা ৰিভলভাৰ ৷
উল্লেখ্য যে,ধৃত ড্ৰাগছ সৰবৰাহকাৰীজনৰ বিৰুদ্ধে দেশৰ কে’বাখনো ৰাজ্যত ৰজু আছে গোছৰ ৷ সৰবৰাহকাৰীজনৰ নাম মনজিৎ সিং
ইতিমধ্যে পঞ্জাৱ আৰক্ষী আৰু জম্মু- কাশ্মীৰ আৰক্ষীয়ে অধিক তথ্যৰ বাবে মাৰাথন জেৰা অব্যাহত ৰাখিছে দুৰ্ধৰ্ষ ড্ৰাগছ মাফিয়াজনক ৷