Fake Note With Paddler Arrested:ভূপেন হাজৰিকা সমাধিস্থলৰ সমীপত নকল নোট সহ এজন সৰবৰাহকাৰীক কৰায়ত্ত

fake note seized

Fake Note With Paddler Arrested:

মহানগৰীৰ জালুকবাৰীস্থ ড: ভূপেন হাজৰিকা সমাধিক্ষেত্ৰৰ সমীপত আৰক্ষীৰ অভিযানত কৰায়ত্ত নকল নোট সহ এজন সৰবৰাহকাৰীক ৷

আটকাধীন লোকজন লখিমপুৰৰ মফিদুল ইছলাম । মফিদুলৰ পৰা নগদ ২,১৬,৫০০ টকাৰ নকল পাঁচশ টকীয়া নোট সহ এটা FICN প্রিণ্টিং মেচিন জব্দ কৰিছে জালুকবাৰী আৰক্ষীয়ে ৷

উল্লেখ্য যে,নকল নোট আৰু নকল সোণৰ ঘাটি হৈ পৰা লখিমপুৰৰ পৰা সংগোপনে শেহতীয়াকৈ মহানগৰীৰ কেতবোৰ স্থানত বাহৰ পাতিছে সৰবৰাহকাৰীয়ে

ইতিমধ্যে মহানগৰ আৰক্ষীয়ে এই খবৰ লাভ কৰাৰ পাছতে নকল নোট আৰু নকল সোণৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে সষ্টম হৈ আৰম্ভ কৰিছে অভিযান ৷

Exit mobile version