Massive Joining Programme At Rajiv Bhawan:ৰাজীৱ ভৱনত বৃহৎ যোগদান কাৰ্যসূচী

জিতেন্দ্ৰ সিঙৰ উপস্থিতিত আছুৰ প্ৰাক্তন সভাপতি প্ৰৱীণ বড়ো,গণশক্তিৰ  উপ-সভাপতি মহিম হাজৰিকা, সম্পাদক তিলক ফুকনৰ যোগদান কংগ্ৰেছত

bpf

Massive Joining Programme At Rajiv Bhawan:

 অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত বুধবাৰে আয়োজিত এক বৃহৎ যোগদান কাৰ্যসূচীত আছুৰ প্ৰাক্তন সভাপতি সহ গণশক্তিৰ কে’বাজনো শীৰ্ষ নেতাই আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰে ৷

এআই চিচিৰ সাধাৰণ সম্পাদক তথা অসমৰ পৰ্যবেক্ষক জিতেন্দ্ৰ সিঙ আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ সভাপতি ভূপেন বৰাৰ উপস্থিতিত কংগ্ৰেছত যোগদান কৰে আছুৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন বিপিএফ নেতা প্ৰবীণ বড়ো, প্ৰাক্তন মন্ত্ৰী প্ৰণয় ৰাভা, গণশক্তিৰ উপ-সভাপতি মহিম হাজৰিকা, সম্পাদক তিলক ফুকন, হাইলাকান্দি জিলা পৰিষদৰ উপাধ্যক্ষ তথা অগপ নেতা হিলালুদ্দিন বৰভূঞা,বজ্ৰলাল দাসে ৷

একেদৰে কংগ্ৰেছত যোগদান কৰে শংকৰ সংঘৰ বিষয়ববীয়া দীপজ্যোতি চহৰীয়া আৰু ভাৰতীয় হিন্দু মহাসভাৰ ৰাজ্যিক সভাপতি কৌশিক ৰঞ্জন দে বিশ্বাস বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়ো নেতৃত্বাধীন ইউ পি পি এলৰ সাংগঠনিক সম্পাদক ডঃ হাচান আৰা বেগমে ৷ লগতে যোগদান কৰে বহু সংখ্যক যুৱক-যুৱতীয়ে ৷

যোগদান কাৰ্যসূচীত উপস্থিত থাকে লোকসভাত বিৰোধী দলৰ উপ- দলপতি গৌৰৱ গগৈ, কংগ্ৰেছ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া, জ্যেষ্ঠ বিধায়ক ৰকিবুল হুছেইন সহ দলৰ কে’বাগৰাকী বিধায়ক আৰু নেতা ৷

Exit mobile version