Dokmoka Police Station Oc Arrested:৪০ হাজাৰ টকা উৎকোচ লৈ হাতে-লোটে আটক ডকমকা থানাৰ অ’চি সনত কুমাৰ মুদৈ

তি নিবাৰকে অ'চিৰ আবাসগৃহৰ পৰা জব্দ কৰিলে ১৭ লক্ষাধিক টকা

police arrested

Dokmoka Police Station Oc Arrested:

পুনৰ আটক হ’ল আৰু এজন ঘোচখোৰ আৰক্ষী বিষয়া ৷ ৪০ হাজাৰ টকা ঘোচ লওঁতেই হাটেলোটে দুনীৰ্তি নিবাৰকৰ জালত পৰা আৰক্ষী বিষয়াজন হ’ল কাৰ্বি আংলং জিলাৰ ডকমকা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া শনৎ কুমাৰ মুদৈ ৷

আনহাতে আটকাধীন বিষয়া জনক দুনীৰ্তি নিবাৰকৰ বিষয়াই বহু সময় ধৰি জেৰা কৰাৰ অন্তত থানাৰ পৰা কিছু নিলগত থকা আবাসগৃহত চলাই অভিযান ৷ অভিযানত উদ্ধাৰ হয় লাখে লাখে টকা ৷ প্ৰায় ১৭ লক্ষাধিক টকা জব্দ কৰা হয় ৷

উল্লেখ্য যে,ঘোচখোৰ বিষয়াজনৰ বিৰুদ্ধে ট্রাক চলাচল সংক্রান্তীয় ধন লেনদেনকে ধৰি উৎকোচ লোৱাৰ অভিযোগ পাই থকাৰ পৰিপ্ৰেক্ষিততে আজি দুপৰীয়া গুৱাহাটীৰ পৰা ডকমকা আৰক্ষী থানাত উপস্থিত হৈছিল দুনীৰ্তি নিবাৰক শাখাৰ এটা বাৰজনীয়া দল ৷

আনহাতে আটকাধীন আৰক্ষী বিষয়াজনক অধিক জেৰাৰ বাবে গুৱাহাটীলৈ লৈ যায় দুনীৰ্তি নিবাৰক শাখাই ৷

Exit mobile version