Zoo Road Accident:জু-ৰোড উৰণীয়া সেঁতুত ভয়ংকৰ দুৰ্ঘটনা

মাতাল চালকে ভাঙিলে আটকধুনীয়া অসমৰ মানচিত্ৰ স্মাৰক

zoo Road Accident

Zoo Road Accident:

শাৰদীয় দুৰ্গোৎসৱৰ মহাষষ্ঠী নিশাই মহানগৰীত সংঘটিত হ’ল এক ভংকৰ দুৰ্ঘটনা। মুকলিৰ এটা দিনৰ পাছতেই দুৰ্ঘটনাত ভাঙিলে জু-ৰোডৰ উৰণ সেতুত থকা অসমৰ মানচিত্ৰ স্মাৰক ।

গীতানগৰ দিশৰ পৰা অহা অংশই মূল উৰণসেতুখনৰ যি স্থানত সংযোগ কৰিছে সেই সংযোগস্থলীতে নিৰ্মাণ কৰা হৈছিল অসমৰ মানচিত্ৰ স্মাৰকটোতে শুক্ৰবাৰে নিশা দ্ৰুতগতিত অহা চাৰিচকীয়া বাহনৰ প্ৰচণ্ড খুন্দাত স্মাৰকটোৰ যথেষ্ট ক্ষতিসাধন হয়।

একেদৰে স্মৰাকটোৰ সৈতে থকা ক্ষুদ্ৰ উদ্যানখনৰ ৰেলিঙ আৰু পকী অংশৰো ক্ষতিগ্ৰস্ত হয়।
প্ৰাপ্ত খবৰ অনুসৰি , দুৰ্ঘটনাপতিত বাহনখন চানমাৰি দিশৰ পৰা তীব্ৰ গতিত আহি এই দুৰ্ঘটনা সংঘটিত কৰে। ঘটনা সংঘটিত হোৱাৰ পাচতে দুৰ্ঘটনাস্থলীত চানমাৰি আৰক্ষী উপস্থিত হৈ আটক কৰে মাতাল  চালকজনক।

উল্লেখ্য যে আটকাধীন বাহন চালকগৰাকীৰ ঘৰ হিমাচল প্ৰদেশত। আৰক্ষীয়ে বাহন খনৰ আন এজন আৰোহীক সোধপোছৰ বাবে আটক কৰিছে ৷ আনহাতে এই দুৰ্ঘটনাৰ ফলত এজন কত্তৰ্ব্যৰত হোমগাৰ্ড সহ এজন সাধাৰণ লোকো আহত হয় বুলি আৰক্ষীয়ে জানিব দিয়ে ৷

Exit mobile version